গুজৰাটত ইতিমধ্যে ঘোষণা হৈছে নিৰ্বাচনৰ দিন। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দল উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰত। কিন্তু এই নিৰ্বাচনী প্ৰচাৰৰ মাজতেই কংগ্ৰেছ দলক মোক্ষম আঘাত কৰি জ্যেষ্ঠ বিধায়ক ভগৱান বৰদে বুধবাৰে দলটোৰ বিধায়ক আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। শীঘ্ৰেই বিধায়কগৰাকীয়ে যোগদান কৰিব বিজেপিত।
পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছত তেওঁ কয় যে সমৰ্থক সকলৰ পৰামৰ্শ গ্ৰহণ কৰি তেওঁঁ দলত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নিৰ্বাচনী টিকট লাভ কৰিব বুলি কোনো প্ৰতিশ্ৰুতি নোলোৱাকৈয়ে তেওঁ বিজেপিত যোগদান কৰিবলৈ সাজু। ইয়াৰ এদিন পূৰ্বে কংগ্ৰেছ বিধায়ক তথা জনজাতীয় নেতা মোহনসিংহ ৰাথৱাই বিধায়ক আৰু দলৰ সদস্য পদৰ পৰা বিজেপিত যোগদান কৰিবলৈ পদত্যাগ কৰিছল।
গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটদান হ’ব। ভোটগণনা ৮ ডিচেম্বৰত হ’ব। উল্লেখ্য যে, ২০১৭ চনৰ নিৰ্বাচনত ১৮২ খন আসনৰ বিজেপিয়ে ৯৯ খন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ৭৭ খন আসন।