অৱশেষত কংগ্ৰেছ ত্যাগ কৰিলে জ্যেষ্ঠ নেতা কপিল ছিবালে। কংগ্ৰেছ দলৰ সাংগঠনিক সংস্কাৰৰ কাৰণে মুকলি প্রকাশেৰে কংগ্ৰেছৰ বিদ্রোহী নেতাসকলৰ অন্যতম নেতা হিচাপে চৰ্চিত কপিল ছিবালে বুধবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰি উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ সমৰ্থনত ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে নির্দলীয় ভাৱে ৰাজ্যসভাত মনোনয়ন দাখিল কৰিলেও কংগ্ৰেছ ত্যাগী কপিল ছিবালে উচ্চ সদনলৈ যাব সমাজবাদীৰ পূৰ্ণ সমর্থনত।
উল্লেখ্য যে, কংগ্ৰেছৰ বিপৰ্যয়ৰ অন্যতম কাৰক হিচাপে ৰাহুল গান্ধীৰ নেতৃত্বক লৈ মুকলিকৈ ক্ষোভ প্ৰকাশ কৰাই নহয়, ২৩গৰাকী জ্যেষ্ঠ নেতাই ছোনিয়া গান্ধীলৈ দলটোৰ সাংগঠনিক সংস্কাৰৰ বাবে মুকিলকৈ জনাই আহিছে৷ জি-২৩ৰ অন্যতম নেতা হিচাপে চৰ্চিত কপিল ছিবালে দলৰ সংস্কাৰৰ বাবে সংবাদ মাধ্যমসমূহত মুকলিকৈ বক্তব্য ৰখাৰ উপৰিও দলটোৰ অন্তবর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীকো সমালোচনা কৰি আহিছে। কংগ্ৰেছৰ বাবে অন্যতম মোক্ষম আঘাত হিচাপে চৰ্চিত হোৱা কপিলছিৱালৰ পদত্যাগ সন্দৰ্ভত ইতিমধ্যে ৰাজনৈতিক মহলত বিভিন্ন চৰ্চা হোৱা পৰিলক্ষিত হৈছে।