পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীৰ লগতে ছট্টিশগড় আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়েও আইএএছ কেডাৰ নিয়মৰ প্ৰস্তাৱিত সংশোধনৰ বিৰোধিতা কৰিছে। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱঘেলে কয় যে, আইএএছ কেডাৰ নিয়মৰ প্ৰস্তাৱিত সংশোধনীয়ে ৰাজ্যত প্ৰশাসনৰ কাম-কাজ ভাঙি পেলাব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেল আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত আইএএছ কেডাৰ নিয়মৰ সংশোধনৰ ক্ষেত্ৰত তেওঁলোকে বিৰোধিতা কৰে। অকল বিৰোধিতাই নহয় বাঘেলে প্ৰধানমন্ত্ৰী মোডীলৈ এখন পত্ৰ লিখি কয় যে সংশোধনীসমূহে ‘ৰাজ্যত প্ৰশাসনৰ কাম-কাজ ভাঙি পেলাব আৰু অস্থিৰতাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব।’হিন্দীত লিখা এই পত্ৰত মুখ্যমন্ত্ৰী বাঘেলে দৃঢ়তাৰে কয় যে ৰাজ্যিক আইএএছ বিষয়াসকল কেইবাটাও প্ৰশাসনিক কামত জড়িত আৰু নতুন নিয়মসমূহে অস্পষ্টতাৰ সৃষ্টি কৰিব পাৰে। ছট্টিশগড় সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলে আইন-শৃংখলা, নক্সাল হিংসা নিৰ্মূল, ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন আৰু বন সংৰক্ষণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশাসনিক কামত তেওঁলোকৰ দায়িত্ব পালন কৰি আহিছে। এই সংশোধনীসমূহৰ ফলস্বৰূপে, জিলাসমূহৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে বিভিন্ন গুৰুত্বপূৰ্ণ পদত নিযুক্তি লাভ কৰা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মাজত অস্থিৰতা আৰু অস্পষ্টতাৰ অনুভূতি জাগ্ৰত কৰাটো স্বাভাৱিক। নতুন সংশোধনীয়ে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত ক্ষতি কৰিব। আইএএছ কেডাৰ নিয়মৰ প্ৰস্তাৱিত সংশোধনীয়ে চৰকাৰী সেৱাৰ প্ৰশাসনিক কৰ্তব্যত বিভ্ৰান্তি আৰু ৰাজনৈতিক হস্তক্ষেপৰ সৃষ্টি কৰিব যাৰ ফলত সেৱাসমূহ প্ৰদানত পক্ষপাতিত্ত্ব হ’ব। ইয়াৰ ফলত তেওঁলোকৰ চৰকাৰী দায়িত্ব পালনত বিভ্ৰান্তি সৃষ্টি হ’ব আৰু ৰাজনৈতিক হস্তক্ষেপৰ বাবে, নিৰপেক্ষভাৱে কাম কৰা সম্ভৱ নহ’ব, বিশেষকৈ নিৰ্বাচনৰ সময়ত, যাৰ ফলত ৰাজ্যসমূহৰ প্ৰশাসনিক ব্যৱস্থা ভাঙি পৰিব পাৰে আৰু অস্থিৰতাৰ পৰিস্থিতিয়ে বিৰাজ কৰিব। নিজৰ স্থিতি পুনৰাবৃত্তি কৰি ভূপেশ বাঘেলে স্পষ্ট কৰি দিয়ে যে ছত্তীশগড় চৰকাৰে আইএএছ কেডাৰৰ নিয়মসমূহৰ নতুন সংশোধনীৰ তীব্ৰ বিৰোধিতা কৰে।