- APDCLৰ তৰফৰ পৰা ৫৮ লাখ স্মাৰ্ট মিটাৰ স্থাপন কৰাক লৈ অনুমোদন প্ৰদান। একাংশ স্থানত পুৰণি মিটাৰৰ তুলনাত স্মাৰ্ট মিটাৰত বিল অধিক অহা বুলি অভিযোগ উত্থাপিত হোৱা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৩০ দিনলৈ পুৰণি মেনুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটা দিয়া হ’ব।যাতে ৰাইজৰ কোনো অসুবিধা নহয়।
- কেবিনেটে তিনিটা নতুন গ্ৰীড নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে। বৰপেটা, শালাকাঁঠী আৰু হাটচিঙিমাৰীত তিনিটা গ্ৰীডৰ বাবে অনুমোদন প্ৰদান। ইয়াৰ বাবে ৫৬.৭৬ কোটি টকা অনুমোদন কৰা হৈছে।
In today’s #AssamCabinet, we took a number of vital decisions regarding installation of Smart Meters, enhancement of power supply, inclusion of retired army personnel in police training and bringing parity in pay/promotion of ACS & APS officers. pic.twitter.com/L6ctuxChaK
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) November 9, 2022
- APS আৰু ACS বিষয়া সকলৰ পদোন্নতিৰ ক্ষেত্ৰত হৈ থকা সমস্যাসমূহ দূৰ কৰাৰ বাবেও কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। IAS আৰু IPS বিষয়াসকলৰ পদোন্নতিৰ যি প্ৰক্ৰিয়া সেই একে প্ৰক্ৰিয়াৰ দ্বাৰা APS আৰু ACS বিষয়া সকলৰো পদোন্নতি হ’ব।
- কেবিনেটে অসম আৰক্ষী আৰু অধিক সক্ষম তথা শক্তিশালী হোৱাৰ বাবে ৩৬ গৰাকী অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াক লোৱাৰ সিদ্ধান্ত লৈছে। তেওঁলোকে অসম আৰক্ষীৰ যিমানবোৰ বেটেলিয়ান আছে তাত প্ৰশিক্ষণ প্ৰদান কৰিব।
- অহা ২৩ আৰু ২৪ নবেম্বৰত দিল্লীত উদযাপন কৰা হ’ব লাচিত দিৱস। দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া লাচিত দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- লাচিত দিৱস সুচাৰুৰূপে উদযাপন কৰাৰ বাবে কেইবাখনো কমিটী গঠন কৰা হৈছে।তাৰে এখন হৈছে এপেক্স কমিটী।এই কমিটীখনক নেতৃত্ব প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।