বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত বহু বিতৰ্কিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদ। সততে বিতৰ্কিত মন্তব্যৰে ৰাজ্যৰ ৰাজনীতি গৰম কৰি থকা বাঘবৰৰ বিধায়কগৰাকী শনিবাৰে বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ থকাৰ সময়তে সভাস্থলীত উপস্থিত হোৱাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ লগে লগে এতিয়া সৰ্বত্তে চৰ্চিত হৈছে। বহুতেই আকৌ শ্বেৰমানক বিজেপৰ এজেণ্ট বুলিও দাবী কৰিবলৈ আৰম্ভ কৰিছে।
উল্লেখ্য যে, শনিবাৰে মাছখোৱাত অনুষ্ঠিত হৈছে বিজেপি দলৰ গুৰুত্বপূৰ্ণ সভা। সভাত দলীয় নেতা কৰ্মীৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল। এই সভা চলি থকাৰ মাজতে সভাস্থলীৰ বাহিৰত হঠাৎ দেখা পোৱা গ’ল বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক ইয়াৰ পিছতে শ্বেৰমান আলীক বিজেপিৰ সভাত তেওঁ কি কৰি আছে বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, মই বিজেপিৰ সভা বুলি গম নাপাওঁ। টয়লেটলৈহে আহিছিলোঁ।
বহু বিতৰ্কিত এইগৰাকী কংগ্ৰেছ বিধায়ক বহু সময়ত বিজেপিৰ এজেণ্ট বুলি চৰ্চিত হৈ আহিছে। এ আই ইউ ডি এফ দলত থকাৰ সময়ছোৱাত এইগৰাকী বিধায়কে ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত এই আই ইউ ডি এফ দলৰ নেতাক সমালোচনা কৰি কংগ্ৰেছ প্ৰাৰ্থীক ভোটদান কৰিছিল। তেতিয়াৰ কংগ্ৰেছ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ বাহনত ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ভোটদান কৰিবলৈ আহিছিল এইগৰাকী শ্বেৰমান আলী।
সেয়েহে, বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠকৰ মাজতে বিধায়ক শ্বেৰমান আলীৰ উপস্থিতিয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যিসকল বিধায়কে কংগ্ৰেছত থকাৰ পিছতো মন বিজেপিত বুলি কৈ আহিছে তেওঁলোকৰ মাজৰ এজন শ্বেৰমান নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। এই কথা নিশ্চিত যে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ লগত বিধায়ক শ্বেৰমানৰ অতি ঘনিষ্ঠ সম্পৰ্ক। গতিকে বিজেপিৰ সভাত শ্বেৰমানৰ উপস্থিতি বিষয়টো সন্দৰ্ভত বৰ্তমান কোনো সঠিক উত্তৰ লাভ নকৰিলেও আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ইয়াৰ উত্তৰ লাভ কৰিব পৰা যাব সেইয়া নিশ্চিত।
কংগ্ৰেছ ত্যাগ কৰি হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাৰ সময়ত বহু কেইগৰাকী কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, পল্লৱ লোচন দাস, প্ৰদান বৰুৱা আদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আহি বিজেপিত যোগদান কৰিছিল। আনহাতে তেওঁৰ অনুগামি বহু কেইজন বিধায়ক অৱশ্যে বিভিন্ন কাৰণত কংগ্ৰেছ দলতেই থাকি যায়। পৰৱৰ্তী সময়ত সেই বিধায়কসকলে বিজেপিত যোগদান কৰিছেহি। ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই ইয়াৰ প্ৰমাণ। আনহাতে আৰু বহু বিধায়কে এতিয়াও কংগ্ৰেছ দলত আছে যদিও বিজেপিত যোগদান কৰিবলৈ আগ্ৰহী বুলি হিমন্ত বিশ্ব শৰ্মাই নিজেই প্ৰকাশ কৰি আহিছে।
ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশ মন কৰিলে এটা কথা স্পষ্ট হয় যে, শ্বেৰমান আলীৰ দৰে একাংশ কংগ্ৰেছ বিধায়কে নিজৰ বিতৰ্কিত মন্তব্যৰে নিজ দলটোকেই বিপদত পেলাই আহিছে। শেহতীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেইবাটাও জনবিৰোধী নীতিৰ বাবে বিজেপি দল শলেঠকত পৰাৰ সময়তে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰিবলৈ দাবী উত্থাপন কৰি কংগ্ৰেছ দলক বিপদত পেলাই, বিজেপিৰ বাবে ৰাজনৈতিক যুঁজ বহু পৰিমাণে সহজ কৰি তুলিছিল।