গুৱাহাটীৰ শংকৰদেৱৰ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ দাবী কৰি কাৰাগাৰলৈ যোৱাৰ পিছত বৰপেটা সত্ৰৰ বেদখল ভূমি উচ্ছেদৰ বিৰোধিতা কৰি পুনৰ বাতৰিৰ শিৰোনামালৈ আহিছে বাঘবৰৰ কংগ্ৰেছা বিধায়ক শ্বেৰমান আলী আহমেদ। শ্বেৰমান আলী আহমেদৰ সমগ্ৰ মন্তব্য সম্পৰ্কত বৃহস্পতিবাৰে নিজৰ স্থিতি স্পষ্ট কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
বিধায়ক শ্বেৰমানৰ বিতৰ্কিত মন্তব্য কংগ্ৰেছ দলৰ দৃষ্টিগোচৰ হৈছে বুলি দলটোৰ মিডিয়া কোষে সংবাদ মাধ্যমক জনায়। সেয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বৃহস্পতিবাৰে স্পষ্ট কৰি দি কয় যে বৰ্তমান শ্বেৰমান আলী আহমেদ এগৰাকী নিলম্বিত বিধায়ক,গতিকে তেওঁৰ কোনো বক্তব্য বা অভিমত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বক্তব্য বা অভিমত নহয়।
অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিজ্ঞপ্তিত এই কথা উল্লেখ কৰে জ্যোষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই। একে সময়তে বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদ সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে দাঙি ধৰা বক্তব্যক প্ৰশাসনিক আৰু আইনী বক্তব্যৰ পৰিৱৰ্তে এক কূটিল ৰাজনৈতিক বক্তব্যহে বুলি অসম প্ৰদেশ কংগ্ৰেছে বিজ্ঞপ্তিখনত অভিযোগ কৰিছে।