কৰ্ণাটকতবিগত কিছুদিন ধৰি চলি অহা মুখ্যমন্ত্ৰীৰ আসনকেন্দ্ৰিক বাদ বিবাদৰ অন্ত পেলাই আজি কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ছিদ্দাৰামায়াই। লগতে উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ডি কে শিৱকুমাৰে। কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলটে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব অনুষ্ঠানটিত। বেংগালুৰুত হ’বলগীয়া এই অনুষ্ঠানটিৰ প্ৰস্তুতি শুক্ৰবাৰেই সম্পূৰ্ণ হৈ উঠিছিল।
আনহাতে, এই অনুষ্ঠানটিক বিজেপিবিৰোধী দলসমূহৰ এক উমৈহতীয়া মঞ্চত পৰিণত কৰাৰ এক চেষ্টা চলোৱা দেখা গৈছে কংগ্ৰেছক । যাৰ বাবে এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনোৱা হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰচেখৰ ৰাও, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডি, এন চি পিৰ মুৰব্বী শৰদ পাৱাৰ, বি এছ পিৰ মুৰব্বী মায়াৱতী আদি দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাক।