সদ্যহতে বৃদ্ধি নহয় শিলচৰ-গুৱাহাটী বিমানৰ ভাড়া। এই কথা সদৰি কৰিছে কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। ১৫ দিনলৈ বিমান ভাড়া বৃদ্ধি কৰা নহয় বুলি তেওঁ জানিবলৈ দিয়ে।
বানপানীৰ ফলত বৰাক উপত্যকা এক প্ৰকাৰে বহিঃবিশ্বৰ পৰা বিচ্ছিন্ন হৈছে। বহু স্থানত স্থল পথ, ৰে’ল পথ ধ্বংস হৈছে।
এনে পৰিস্থিতিত ১৫ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি পাইছিল শিলচৰ-গুৱাহাটী বিমানৰ ভাড়া।
সাংসদ ৰাজদ্বীপ ৰায়ৰ ৰাজহুৱা অভিযোগৰ পিছতে জ্যোতিৰাদিত্য সিন্ধিয়াই এই ঘোষণা কৰে।