সোমবাৰে সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব একনাথ সিন্দেৰ মন্ত্ৰীসভাই। বিজেপিৰ সহযোগত চৰকাৰ গঠন কৰা সিন্দে চৰকাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ৰাজ্যপালে আয়োজন কৰিছে বিশেষ অধিৱেশন।
আনহাতে মুখ্যমন্ত্ৰীৰূপে শপত লৈয়ে একনাথ সিন্দেই পূৰ্বৰ উদ্ধৱ ঠাকৰেৰ চৰকাৰৰ দিনত গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্ত সলনি কৰিছে। মেট্ৰকাৰচেট প্ৰকল্পৰ ক্ষেত্ৰত সিন্দে চৰকাৰে প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।