কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি ১২ টা জনগোষ্ঠীৰ জনজাতি কৰণত অসমৰ ৬টা জনগোষ্ঠীক পুনৰ অৱহেলা কৰাৰ অভিযোগত আজি দিছপুৰ ঘেৰাও কৰিব জনগোষ্ঠী ঐক্য মঞ্চই। অসম চুক্তিৰ ৬ নং দফাৰ নামত যোৱা ৮ বছৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগত জনগোষ্ঠী সমূহে হাতত লৈছে এই প্ৰতিবাদী কাৰ্যসূচী বুলি মন্তব্য কৰে জনগোষ্ঠী ঐক্য মঞ্চই।
জনগোষ্ঠী ঐক্য মঞ্চৰ অন্তৰ্গত সদৌ মৰাণ ছাত্ৰ সন্থা, অসম মৰাণ যুৱ ছাত্ৰ সন্মিলন, সদৌ টাই-আহোম ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আৰু সদৌ কোচঁ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিভিন্ন নেতা- প্ৰতিনিধি ইতিমধ্যেই আহি উপস্থিত হৈছে ৰাজ্যখনৰ ৰাজধানীত। এই প্ৰতিবাদকাৰীসকলৰ দিছপুৰ ঘেৰাও প্ৰতিৰোধ কৰিবলৈ পৰিলক্ষিত হৈছে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱান।
উল্লেখ্য যে, যোৱা ২১ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল জনগোষ্ঠী ঐক্য মঞ্চৰ সৈতে। কিন্তু জনগোষ্ঠী ঐক্য মঞ্চই এই বৈঠক বাতিল কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে জনগোষ্ঠীয় নেতা-কৰ্মী সকলে। আনহাতে, প্ৰাপ্ত খবৰ অনুসৰি উজনি অসমৰ পৰা আহিব লগীয়া নেতা-কৰ্মীসকলক ইতিমধ্যেই বিভিন্ন স্থানত বাধা দিছে আৰক্ষীয়ে।