শিৱসাগৰৰ আমগুৰিত স্থাপন কৰা ৭০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম সৌৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰটো আজি ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে।
উল্লেখ্য যে অসম চুক্তিৰ ৭নং দফাত উল্লিখিত জনসাধাৰণৰ জীৱন ধাৰণৰ মানৰ উৎকর্ষ সাধনৰ বাবে সামগ্রিক অর্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰ আধাৰত ৩৪০ একৰ মাটিত প্রায় ৩৪৪.২০ কোটি টকা ব্যয়েৰে অসমৰ সৰ্ববৃহৎ প্রকল্পটো নির্মাণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মেচাৰ্ছ জেকচন পাৱাৰ প্রাইভেট লিমিটেড আৰু এপিজিচিএলে ক্ৰয়ে সৌৰশক্তি কেন্দ্ৰ নিৰ্মাণকাৰী আৰু সৌৰশক্তি উৎপাদন উদ্যান নির্মাণকাৰী হিচাপে এই প্ৰকল্পৰ সৈতে নিয়োজিত হৈ থকা বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে এই প্ৰকল্পৰ পৰা উৎপাদিত সমগ্র বিদ্যুৎ প্রতি ইউনিটত ৩.৯৮ টকা দৰত ২৫ বছৰৰ বাবে ক্রয় কৰিব।
Live from Gorgaon College Field, Sivasagar. https://t.co/i0iYTrsRHg
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 31, 2022
চৰকাৰী পতিত ভূমিত ১০০০ মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই লোৱা পৰিকল্পনা অহা ৩ বছৰৰ ভিতৰত বাস্তৱায়িত হব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ যে ২০১৯ চনত তদানীস্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা এই প্রকল্পটো ৩ বছৰত সম্পূৰ্ণ হয়।।