• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এটা বছৰৰ কিছু পৰ্যালোচনা

Leena Gogoi by Leena Gogoi
May 10, 2022
in ৰাজনীতি, অসম
1 min read
0
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এটা বছৰৰ কিছু পৰ্যালোচনা
Share on FacebookShare on Twitter

আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে পাৰ কৰিলে এটা বছৰ। ৩৬৫ দিন.. কম সময় নহয়। বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটিছিল অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত। হয়, অসমৰ ৰাইজ আশাবাদী এই চৰকাৰখনক লৈ। বিশেষকৈ সৰ্বানন্দৰ নেতৃত্বত বিজেপি চৰকাৰে পাঁচ বছৰ অতিক্ৰম কৰাৰ পিছতে দ্বিতীয়বাৰৰ বাবে অসম ৰাজ্যিক বিজেপি চৰকাৰখনৰ নেতৃত্ব ললে বহুবল্কী, সপ্ৰতিভ আৰু ৰাজনৈতিকভাৱে যথেষ্ট দক্ষ বুলি বিশ্বাস কৰা হিমন্ত বিশ্ব শৰ্মাই। স্বাভাৱিকতে অসমৰ ৰাইজৰ প্ৰত্যাশা বহুত এই চৰকাৰখনক লৈ।
কিন্তু কিমান সফল হ’ল এই এবছৰীয়া কাৰ্যকালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা?

চৰকাৰী বিজ্ঞাপনবোৰ দেখিলে এনে লাগে যেন অসম আজি প্ৰগতিৰ পথত। চৌদিশে কেৱল উন্নয়নৰ ঢাক-ঢোল। চৰকাৰী বিজ্ঞাপনতেই কোটি কোটি টকা ৰাজহুৱা ধনৰ অপচয়।

নিবনুৱা সমস্যাঃ

১ লাখ নিবনুৱাক চাকৰি দিম বুলি দিয়া প্ৰতিশ্ৰুতিৰ সময়সীমা পাৰ হৈ গ’ল। প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ ঘোষণা কৰিছে যে, ১৪ মে’ত ২৩ হাজাৰ নিবনুৱাক আৰক্ষী, শিক্ষা আৰু স্বাস্থ্য বিভাগত নিযুক্তি দিয়া হব। সেইয়া বাৰু সময়তহে দেখা যাব, চৰকাৰৰ প্ৰতিশ্ৰুতি কিমানদূৰ পূৰণ হয়। লাখ লাখ শিক্ষিত নিবনুৱাই চাকৰিৰ আশাত চৰকাৰৰ মুখলৈ চাই আছে।

চৰকাৰী সাহায্য, অনুদান আদি দি আছে, নিতৌ ন ন আচঁনি ঘোষণা কৰিয়ে আছে, কিন্তু সেইদৰে চৰকাৰৰ ধাৰৰ বোজাও বাঢ়ি গৈ আছে। ধাৰ কৰি আঁচনি ঘোষণাৰে, হিতাধিকাৰী সৃষ্টিৰে উন্নয়নৰ জয়ঢোল কোবাই থকা চৰকাৰখনৰ কাৰ্যত সাধাৰণ ৰাইজ, বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ মাজত বিৰোপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

অত্যাধিক প্ৰচাৰৰ চমকঃ

ৰাইজৰ ক্ষোভবোৰ লাহে লাহে পঞ্জীভূত হৈ আহি আছে বিভিন্ন কাৰনত। বাকপটূ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভালদৰেই জানে কাক কেনেদৰে সুখী কৰিব পাৰি তাৰ কৌশল। প্ৰচাৰৰ দিশতো তেওঁ বহু সচেতন। ৰাজ্যিক কেবিনেট বৈঠক ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি নিতৌ ন ন ঘোষণাৰে চমক দি আহিছে তেওঁ।

চমক সৃষ্টিয়েই এই চৰকাৰে কাৰ্যকাল সামৰিব নেকি! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাদে তেওঁৰ মন্ত্ৰীসভাৰ কোনজন মন্ত্ৰীৰ হাতত আছে ক্ষমতা! কোনে নিজ ইচ্ছা অনুসৰি পালন কৰিব পাৰিছে দায়িত্ব! চৰকাৰী প্ৰতিটো বিভাগৰ কাম যেন তেওঁ অকলেই কৰিব বিচাৰে। আনকি কেবিনেটৰ সিদ্বান্ত বা ক’ভিড সংক্ৰান্তীয় কিবা নিৰ্দেশনা থাকিলেও তেওঁৱেই ঘোষণা কৰিব বিচাৰে, কিন্তু কিয়? অত্যাধিক নহয় নে তেওঁৰ প্ৰচাৰ বিলাসিতা? কেৱল হিমন্ত বিশ্ব শৰ্মা হৈ পৰা নাইনে, এই চৰকাৰৰ কাৰ্যকাল? ম্লান পৰিছে প্ৰতিটো বিভাগৰ মন্ত্ৰী-বিষয়াৰ তৎপৰতা। এই ধৰণেই কিমান দিনলৈ আৰু চলিব চৰকাৰ?

উগ্ৰপন্থীৰ সমস্যাঃ

চৰকাৰখন অহাৰ প্ৰথম দিনকেইটাতেই উগ্ৰপন্থী,বিশেষকৈ নিষিদ্ধ ঘোষিত অলফা আৰু চৰকাৰৰ মাজত এটা ভাল ভাৱ থকা যেন অনুমান কৰিছিল অসমৰ ৰাইজে। আলফা আৰু চৰকাৰৰ মাজত এটা স্থায়ী সমাধান হব বুলি বহুতেই আশা কৰিছিল। তাৰ কেইবাটাও আভাষো পাইছিল শান্তিকামী অসমীয়া ৰাইজে। বিশেষকৈ ULFA(I)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ প্ৰশংসাও কৰা দেখা গৈছিল। কিন্তু শেহতীয়াকৈ আলফালৈ অসমৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক-যুৱতী নতুনকৈ গমন কৰা পৰিলক্ষিত হৈছে। এনেধৰণৰ ঘটনাই কি সূচায়?
বিশেষকৈ শণিবাৰে আলফাই দুজন অসমীয়া লৰাক চৰকাৰী চোৰাংচোৱাৰ অভিযোগত মৃত্যুদণ্ড দিয়াৰ পাছত চৰকাৰ আৰু আলফাৰ মাজৰ স্থায়ী সমাধানৰ বিষয়টোও যেন বহু পৰিমানে ম্লান হৈ পৰিল।

মূল্যবৃদ্ধিৰ সমস্যাঃ

অন্য চৰকাৰতকৈ এই চৰকাৰৰ দিনত সাধাৰণ লোকৰ ওপৰত শোধোৱা মাধমাৰ বহু বেছি হৈছে। মূল্যবৃদ্ধিয়ে কোঙা কৰা সাধাৰণ জনতাই ত্ৰাহি মধূসুধন দেখিছে। পেট্ৰল, ডিজেল, LPG আদিৰ মূল্য যদিও কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থাকে তথাপিও ইয়াৰ ওপৰত ৰাজ্যিক কৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কিছু ৰেহাই দিব পাৰে। কিন্তু সেইকণ ৰেহাই দিবলৈও সক্ষম নহয় ৰাজ্যৰ বিজেপি চৰকাৰখন। মুল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে বিফলতাৰ বাদে আন একো দাবী কৰিব নোৱাৰে। এটা বছৰতে ১৫,২৭১.২৭কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

চৰকাৰে মন গলেই ঘোষণা কৰে বিভিন্ন আঁচনি, কিন্তু তাৰ আংশিক সত্যক এনেদৰে বহুল প্ৰচাৰ কৰা হয় যে, সেইবোৰ চৰকাৰে কৰা ভাল কাম বুলি ৰাইজৰ আগত তুলি ধৰা হয়। প্ৰথমটো বছৰ দেখাত ভাল লাগিলেও নতুনত্বহীন কিছু স্বঘোষিত ঘোষণাৰ প্ৰচাৰৰ বাদে সকলোবোৰ যেন অন্তসাৰ শূণ্য।

Previous Post

ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিব লগীয়া স্বাস্থ্যকৰ পানীয়

Next Post

ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ’লগৈ ৭৭.৫০ টকা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ’লগৈ ৭৭.৫০ টকা

ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ’লগৈ ৭৭.৫০ টকা

গান্ধীয়ে ব্যৱহাৰ কৰা একাধিক সামগ্ৰী কেইবা কোটি টকাত নিলাম

গান্ধীয়ে ব্যৱহাৰ কৰা একাধিক সামগ্ৰী কেইবা কোটি টকাত নিলাম

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8