অৰ্থৰ অভাৱ! কংগ্ৰেছৰ অধ্যক্ষা চোনিয়া গান্ধীৰ ঘৰৰ ভাড়া বহু বছৰ নিদিয়াৰ লগতে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ লগতে বহু অট্টালিকাৰ ভাড়া দিয়া নাই দলটোৰ নেতৃত্বই। সুজিত পেটেল নামৰ এগৰাকী লোকৰ আৰ টি আই তথ্যত পোহৰলৈ অহা খবৰ মতে, কংগ্ৰেছৰ বহু নেতাই ঘৰৰ ভাড়া দিয়া নাই। চোনিয়া গান্ধীৰ জনপথ ১০ৰ আৱাস, ২৪আকবৰ ৰোডত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় আৰু চাণক্যপুৰীত থকা চোনিয়া গান্ধীৰ নিজা সচিবৰ বাসগৃহৰ ভাড়া বহু বছৰ ধৰি পৰিশোধ কৰা নাই।
কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ে ১২লাখ ৬৯হাজাৰ ৯০২টকাৰ ভাড়া এতিয়াও পৰিশোধ কৰিবলৈ বাকী আছে। এই কাৰ্যালয়টোৰ ভাড়া ২০১২চনৰ ডিচেম্বৰ মাহতে শেষ বাৰৰ বাবে দিয়া হৈছিল।
চোনিয়া গান্ধীৰ দিবলৈ থকা ভাড়াৰ পৰিমাণ হৈছে ৪হাজাৰ ৬১০টকা। ২০২০ৰ চেপ্তেম্বৰ মাহত শেষ বাৰৰ বাবে ভাড়া দিছিল নেত্ৰীগৰাকীয়ে। উল্লেখ্য যে, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে অহা ৩বছৰৰ ভিতৰত সকলো পাৰ্টিয়ে খালী কৰিব লাগিব চৰকাৰী আৱাসগৃহ। কংগ্ৰেছৰ বৰ্তমানৰ কাৰ্যালয়টো ২০১৩চনতে খালী কৰাৰ কথা আছিল যদিও আজি পৰ্যন্ত তাতেই আছে।