কংগ্ৰেছৰ সাংসদ তথা দলটোৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক দিল্লী আৰক্ষীয়ে আটক কৰিছে। দিল্লীৰ বিজয় চকৰ পৰা আটক কৰা হৈছে ৰাহুল গান্ধীক। উল্লেখ্য যে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক আজি পুনৰ প্ৰৱৰ্তন সঞ্চালকালয়ত জেৰা কৰা হৈছে।
কংগ্ৰেছ সভানেত্ৰীগৰাকীক এইদৰে জেৰা কৰাৰ বিৰুদ্ধে কংগ্ৰেছ নেতাসকলে দিল্লীৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ সংসদ ভৱন চৌহদৰ পৰা বিজয় চক অভিমুখে এক পদযাত্ৰা উলিয়াইছিল। এই পদযাত্ৰাত অংশগ্ৰহণ কৰিছিল দলটোৰ সাংসদ ৰাহুল গান্ধীয়ে। এই পদযাত্ৰাৰ পৰাই ৰাহুল গান্ধী আৰু আন আন সাংসদসকলক আটক কৰে দিল্লী আৰক্ষীয়ে।
দিল্লীৰ আৰক্ষীয়ে সাংসদসকলক আটক কৰাৰ পিছতে ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, কংগ্ৰেছৰ সকলো সাংসদ এই প্ৰতিবাদলৈ আহিছে। তেওঁলোকে মূল্য বৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বিৰুদ্ধে মাত মাতিছে। আৰক্ষীয়ে আমাক ইয়াত বহিবলৈ দিয়া নাই। সংসদৰ ভিতৰত আলোচনাৰ অনুমতি নাই আৰু ইয়াতো তেওঁলোকে আমাক আটক কৰিছে।