আজি EDৰ কাৰ্যালয়ত নেচনেল হেৰাল্ড গোচৰৰ বাবে হাজিৰ হ’ব ছোনিয়া গান্ধী। কংগ্ৰেছে ছোনিয়া গান্ধীৰ সমৰ্থনত আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰু আকবৰ ৰোডত বেৰিকেড লগাই দিছে।
কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে. যি কোনো অন্যায়ৰ বিৰুদ্ধে অহিংস গান্ধীবাদী ‘সত্যাগ্ৰহ’ প্ৰতিগৰাকী ভাৰতীয়ৰ সাংবিধানিক অধিকাৰ। কিন্তু শাসনৰ অহংকাৰত মোদী চৰকাৰে এই অধিকাৰ আমাৰ পৰা কাঢ়ি নিয়াৰ চেষ্টা চলাইছে। এয়া কংগ্ৰেছৰ ওপৰত নহয়, গণতন্ত্ৰৰ ওপৰত আক্ৰমণ।
আনহাতে, জয়পুৰত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা ইডি কাৰ্যালয়লৈ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গোবিন্দ ডোটাছৰাৰ নেতৃত্বত এক সমদল উলিওৱা হ’ব আৰু ইডিৰ কাৰ্যালয়ৰ বাহিৰত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব।