এতিয়াৰে পৰা NGO সমূহে লাভ নকৰিব বিদেশৰ ধন। কাৰণ, বেচৰকাৰী সংগঠনসমূহৰ বিদেশী পুঁজিৰ অনুজ্ঞাপত্ৰ নৱীকৰণ কৰিবলৈ অস্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ মুঠ ৬০০০ বেচৰকাৰী সংগঠনক বিদেশী পুঁজি গ্ৰহণৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰৰ বৈধতাৰ ম্যাদ উকলি যোৱাৰ পিছত এই সংগঠনসমূহৰ অনুজ্ঞাপত্ৰ নৱীকৰণ কৰিবলৈ অস্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া উচ্চত ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনজিঅ’ গ্লোবেল পীচ ইনিচিয়েটিভে।
কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনজিঅ’ গ্লোবেল পীচ ইনিচিয়েটিভে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনত কোৱা হৈছে যে, বেচৰকাৰী সংস্থা সমূহৰ এই অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ ফলত ক’ৰোনা পৰিস্থিতিৰ বাবে সহায় কৰাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত ব্যাঘাত জন্মিব।
এই আবেদনত কোৱা হৈছে যে, ভাৰতে বৰ্তমান কৰোনাৰ তৃতীয় ঢৌৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত, বেচৰকাৰী সংগঠনসমূহে এতিয়ালৈকে লাখ লাখ লোকক সহায় কৰি আহিছে। এতিয়া তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে সাহায্য কাৰ্যত বাধা আহিব।