কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ চমুকৈ CRPFৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত ১৬ ছেপ্টেম্বৰত ৰাইজৰ মাজত চাফ – চিকুণতা আৰু পৰিস্কাৰ – পৰিচ্ছনত্বাৰ দিশত সজাগতা সৃষ্টিৰ বাবে এক বিশেষ স্বচ্ছতা অভিযান চলোৱা হয়। ১৭৫ CRPF বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত বাহিনীটোৰ এটা বিষয়া – জোৱানৰ এটা দলে ৰাণীত থকা বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদৰ লগতে সমীপত থকা ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰ চৌহদটো চাফ – চিকুণ কৰি নতুন ৰূপত সজাই পৰাই তোলাৰ প্ৰয়াস কৰে। স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক, চিকিৎসাকৰ্মীৰঅভিযান উপৰিও স্থানীয় একাংশ লোকেও এই অভিযানত সহযোগিতা আগবঢ়ায়।
অভিযানত ১৭৫ CRPF বেটেলিয়ানৰ চেকেণ্ড – ইন – কমাণ্ড কে এল ধীমান, ডেপুটী কমাডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তব, জেষ্ঠ্য চিকিৎসা বিষয়া ডাঃ ডি চি বুৰলে, সহকাৰী কমাডেণ্ট জয় প্ৰকাশ কুমাৰকে ধৰি কেবাজনো বিষয়াই ভাগ লয়। আনহাতে কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই জানিবলৈ দিয়া মতে এই বিশেষ স্বচ্ছতা অভিযান, ৩.০ পুনৰ অহা ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ চলিব।