কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৰাজহ আৰু ভূমি সংক্ৰান্তীয় বিষয়বোৰৰ ক্ষীপ্ৰ নিস্পত্তিৰ বাবে উপায়ুক্ত পল্লৱ গোপাল ঝাই আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাজহ চক্ৰ বিষয়া-বৰ্গৰ উপস্থিতিত অনুষ্ঠিত কৰে এক বিশেষ লোক আদালত। এই বিশেষ লোক আদালতত মুঠ ৩৪ টা অভিযোগ মীমাংসাৰ ক্ষেত্ৰত সুদৃঢ় পদক্ষেপ গ্ৰহণ কৰা হয়। ইয়াৰে দুটা অভিযোগ ঠাইতে নিস্পত্তি কৰাৰ বিপৰীতে আন কেবাটাও অহা ৭ দিনৰ ভিতৰত মীমাংসা কৰাৰ সময়-সীমা নিৰ্ধাৰণ কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
আজি সোণাপুৰ, চন্দ্ৰপুৰ আৰু গুৱাহাটী ৰাজহ চক্ৰৰ জনসাধাৰণৰ বাবে এই বিশেষ লোক আদালতখন অনুষ্ঠিত কৰা হৈছিল। প্ৰত্যেক মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰিবলৈ লোৱা লোক আদালতৰ পৰৱৰ্তীখন অনুষ্ঠিত কৰা হ’ব অহা ২৬ ফেব্ৰুৱাৰীত। লোক আদালত অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত মন্তব্য কৰি উপায়ুক্তগৰাকীয়ে কয় যে বহু ক্ষেত্ৰত কোনো বিষয় মীমাংসা কৰাতো দীঘলীয়া হ’লে প্ৰশাসন যন্ত্ৰৰ ওপৰত জনসাধাৰণে আস্থা আৰু বিশ্বাস হেৰুৱায়। লোক আদালতৰ জৰিয়তে জনসাধাৰণৰ লগত প্ৰশাসনৰ সু-সম্পৰ্ক গঢ়িব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।