কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বাবে উপ-আৰক্ষী আয়ুক্ত, যান-বাহন শাখাই এক প্ৰেছ বিবৃতি যোগে যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰিছে-
৯ মে’ৰ পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ১০ মে, ২০২২ পুৱা ৪ বজাৰ পৰা নিশা ১০ বজালৈ গুৱাহাটী মহানগৰৰ অন্তৰ্গত ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকাযুক্ত বা তাতোধিক চকাযুক্ত বাণিজ্যিক বাহন সমূহ চলাচল কৰিব নোৱাৰিব।
৯ মে’ আৱেলি ৪ বজাৰ পৰা নিশা ৯ বজালৈ সকলো ধৰণৰ বানিজ্যিক বাহন (লঘূ, মধ্যম আৰু গধুৰ) দি.জি. ৰোড, এটি ৰোড, এম. জি. ৰোড, তইবুল্লাহ ৰোড, জি এন বি ৰোড, বৰুৱা ৰোড আৰু জি এছ ৰোডত চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।
অহা ১০ মে’ৰ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ সকলো ধৰণৰ লঘু, মধ্যম বা গধূৰ বাণিজ্যিক যানবাহন সমূহ বি বৰুৱা ৰোড, বি কে কাকতি ৰোড আৰু জি. এন বিৰোডত চলাচল কৰিব নোৱাৰি।