অহা ৭ দিনৰ ভিতৰত নিৰ্বাচিত কৰা হব শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি। দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে দেশ এৰি পলায়ন কৰাৰ পিছত বৃহস্পতিবাৰে ইমেইলৰ জৰিয়তে সংসদৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰ ইতমধ্যেগ্ৰহণ কৰিছে সংসদৰ অধ্যক্ষই। অধ্যক্ষ মহিন্দা য়াপা আব্বাৱাৰ্ডেনে জনাইছে যে- গোটাবায়াই বৃহস্পতিবাৰে আইনীভাৱে পদত্যাগ কৰিছে। গোটাবায়া ৰাজপাক্ষেয়ে ছিংগাপুৰৰ পৰাই অধ্যক্ষক জনাইছিল তেওঁৰ ৰাষ্ট্ৰপতি পদ ত্যাগ কৰিছে।
উল্লেখ্য যে, ১৯৭৮ চনত ৰাষ্ট্ৰপতি শাসন ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত ৰাজপাক্ষে শ্ৰীলংকাত পদত্যাগ কৰা প্ৰথম ৰাষ্ট্ৰপতি।দেশৰ অৰ্থনীতি চম্ভালিব নোৱাৰাৰ বাবে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভৰ মাজতে ব্যক্তিগত ভ্ৰমণৰ বাবে ছিংগাপুৰে অনুমতি দিয়াৰ পিছতে ৰাজপাক্ষে অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।
অধ্যক্ষজনে তেওঁৰ বিবৃতিত কৈছিল যে নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিব। তেওঁ জনসাধাৰণক শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ আহ্বান জনোৱাৰ লগতে এই প্ৰক্ৰিয়াটো এসপ্তাহৰ ভিতৰত ভিতৰত সম্পূৰ্ণ কৰিব বুলিও জনায়।