আগন্তুক গণৰাজ্য দিৱসক লৈ সমগ্ৰ দেশৰ লগতে অসমতো প্ৰস্তুতি আৰম্ভ কৰা হৈছে। গণৰাজ্য দিৱসক লৈ অসমত নতুন SOP প্ৰকাশ কৰা হৈছে। অসম চৰকাৰে গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে জাৰি কৰা নতুন এছঅ’পি অনুসৰি এই গণৰাজ্য দিৱস কম সংখ্যক লোকৰ উপস্থিতিৰে পালন কৰা হ’ব। গণৰাজ্য দিৱসত কোনো সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা নহ’ব।
ৰাজ্যিক পৰ্যায়ত ১০০০জন আৰু জিলা পৰ্যায়ত ৫০০জন লোকক কাৰ্যসূচীত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ’ব। ইয়াৰ লগতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক মাৰ্চ-পাষ্টত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ’ব। কেৱল আৰক্ষী, গৃহৰক্ষী, অৰ্ধসামৰিক বাহিনীকহে পেৰেডত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হ’ব। আনহাতে, গণৰাজ্য দিৱসৰ অনুষ্ঠানত কেৱল দুবাৰ ক’ভিড ভেকচিন লোৱা লোকসকলেহে অংশগ্ৰহণ কৰিব পাৰিব।