আজি প্ৰথমবাৰৰ বাবে কাছাৰ জিলাৰ শিলচৰ চহৰত অনুষ্ঠিত হ’বলৈ গৈ আছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এক বিশেষ বিমানযোগে সোমবাৰে সন্ধিয়াই উপস্থিত হয়গৈ শিলচৰত।
উল্লেখ্য যে, সোমবাৰে নিশা শিলচৰৰ আৱৰ্ত ভৱনত কটোৱাৰ পাছত মঙলবাৰে পুৱা ৰংগিৰখালৰ দেৱাল স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী গৰাকীয়ে। এই কাৰ্যসূচীৰ পাছত কাছাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হ’ব কেবিনেট বৈঠক খন। তদুপৰি, কেবিনেট বৈঠকৰ পাছত দুলু চাহ বাগিছাত চাহ জনগোষ্ঠীয় লোক সকলক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানটো উপস্থিত থাকিব হিমন্ত বিশ্ব শৰ্মা। আনহাতে, কেবিনেট বৈঠকৰ বাবে জিলাখনত অসম আৰক্ষীৰ ট্ৰেফিক বিভাগে জাৰী কৰিছে নতুন নিয়মাৱলী।