অসম চৰকাৰে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলৈ লোৱা ‘অসম সৌৰভ বঁটা’এইবাৰ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হ’ব। ২৪ জানুৱাৰীত অসম চৰকাৰে প্ৰদান কৰিব অসম সৌৰভ বঁটা। সেয়েহে অসম চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰিবলৈ গোলাঘাটৰ বাৰমুখীয়া গাঁৱত থকা লাভলীনাৰ ঘৰত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এখন নিমন্ত্ৰণী পত্ৰলৈ তেওঁ উপস্থিত হৈছে। ৰাজ্যখনৰ অসামৰিক সন্মান ‘অসম সৌৰভ বঁটা’ৰ বাবে এইবাৰ লাভলীনা বৰগোহাঁইক চৰকাৰে নিৰ্বাচন কৰিছে। আৰু এই সন্মান চৰকাৰে গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত অহা ২৪ জানুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰদান কৰিব।
বঁটাৰ বাবে লাভলীনাৰ নাম মনোনীত কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়ত দেশ তথা ৰাজ্যৰ নাম বিশ্বত জিলিকাই তোলাৰ বাবে লাভলীনাই প্ৰতিজ্ঞাবদ্ধ হোৱাৰ কথাও উল্লেখ কৰে।