প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। প্ৰায় ২৫ মিনিটৰ বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতৰ হৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে যুদ্ধ বন্ধ কৰিবলৈ পুটিনক অহ্বান জনায।। একে সময়তে, তেওঁ কয় যে, কেৱল আলোচনাৰ জৰিয়তেহে ৰাছিয়া আৰু নাটো গোটৰ মাজৰ পাৰ্থক্যৰ সমাধান কৰিব পাৰি। উল্লেখ্য যে, ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ কৰাৰ পাছত, বিশ্বৰ প্ৰায় সকলো দেশে ৰাছিয়াক সমালোচনা কৰিছে। প্ৰায়বোৰ দেশে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা বিবেচনা কৰি আছে।
পুটিনৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে হিংসাৰ তাৎক্ষণিক সমাপ্তিৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোডীয়ে সকলো পক্ষক কূটনৈতিক আলোচনা আৰু আলোচনাৰ পথলৈ উভতি যাবলৈ সমন্বিত প্ৰচেষ্টা কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিক, বিশেষকৈ শিক্ষাৰ্থীসকলৰ সুৰক্ষা সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ বিষয়েও অৱগত কৰে।
শেহতীয়াকৈ, ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতা কৰিছে আমেৰিকা যুক্তৰাজ্য, ব্ৰিটেইন, জাৰ্মানী, জাপান, অষ্ট্ৰেলিয়াকে ধৰি বিশ্বৰ সকলো দেশে। প্ৰায়বিলাক দেশে ৰাছিয়াৰ পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে। তদুপৰি বিশ্বই ভাৰতৰ স্থিতিৰ ওপৰতো দৃষ্টি ৰাখিছে। ইয়াৰ পূৰ্বে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংকট সন্দৰ্ভত কৈছিল যে পূৱ ইউৰোপীয় দেশত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ প্ৰচেষ্টা চলি আছে। কিন্তু, বিমানখন তাত অৱতৰণ কৰাৰ কোনো পৰিস্থিতি নাছিল। তেওঁ লগতে কয় যে ভাৰতে শান্তি বিচাৰে। যুদ্ধৰ দৰে পৰিস্থিতি হ’ব নালাগে।