কৰ্ণাটকত হিজাব পিন্ধা বাবে একাংশ ছাত্ৰীক শিক্ষাগ্ৰহণৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। ধৰ্মীয় পোছাকৰ বাবে শিক্ষাগ্ৰহণত বাধা দিয়াৰ অধিকাৰ শিক্ষানুষ্ঠানৰ আছে নে নাই তাকে লৈ চলিছে দেশজুৰি প্ৰতিক্ৰিয়া। ২০২১ৰ ডিচেম্বৰত উড়ুপিৰ পি ইউ কলেজত হিজাব পিন্ধা বাবে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিবলৈ নিদিয়া ছয়গৰাকী ছাত্ৰীয়ে কেইবাসপ্তাহ ধৰি প্ৰতিবাদ কৰিছিল ৷ ছাত্ৰীকেইগৰাকীয়ে বিষয়টো সন্দৰ্ভত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিছে ৷ ইয়াৰ পাছতে একাংশ হিন্দু ছাত্ৰ ছাত্ৰীয়ে গেৰুৱা স্কাৰ্ফ পিন্ধি শ্ৰেণীকোঠাত প্ৰৱেশৰ অনুমতি বিচাৰি বিভিন্ন শিক্ষানুষ্ঠানত প্ৰতিবাদ কৰে।
আনহাতে, কুণ্ডাপুৰৰ Bhandarkars’ Arts and Science Collegeত আন কেইগৰাকীমান ছাত্ৰীক হিজাব পিন্ধা বাবে মহাবিদ্যালয়ত প্ৰৱেশ কৰাত বাধা দিয়া হয় ৷ ছাত্ৰীকেইগৰাকীৰ প্ৰতিবাদ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰে ৷ তেওঁলোকৰ সাংবিধানিক অধিকাৰ উলংঘা হোৱা বুলি ৰাহুল গান্ধীকে ধৰি বিভিন্ন বিৰোধী নেতাই অভিযোগ কৰাৰ বিপৰীতে বিজেপিয়ে বিৰোধীৰ বিৰুদ্ধে শিক্ষাৰ তালিবানীকৰণত লিপ্ত হোৱাৰ অভিযোগ তোলে ৷ ইয়াৰ সমান্তৰালকৈ একাংশ শিক্ষাৰ্থীয়ে গেৰুৱা স্কাৰ্ফ পিন্ধি হিজাবৰ বিৰোধিতা কৰে ৷ আন একাংশই নীলা স্কাৰ্ফ পিন্ধি হিজাব সাংবিধানিক অধিকাৰৰ অংগ বুলি প্ৰতিবাদী ছাত্ৰীসকলৰ পক্ষত থিয় দিয়ে।
উল্লেখ্য যে, বিতৰ্কৰ কেন্দ্ৰবিন্দু Bhandarkars’ Arts and Science Collegeৰ মেনুৱেলত লিখা আছে যে, মুছলমান ছাত্ৰীসকলে ইউনিফৰ্মৰ দোপাত্তাৰ ৰঙৰ হিজাব পৰিধান কৰিব পাৰিব। মহাবিদ্যালয়কেইখনৰ ছাত্ৰীয়েও ইমান দিনে হিজাব পিন্ধি আহিছিল আৰু কোনেও আপত্তি কৰা নাছিল। কিন্তু শেহতীয়াকৈ হিজাব পিন্ধাৰ বাবে শিক্ষাগ্ৰহণৰ সাংবিধানিক অধিকাৰৰ পৰা কাৰ নিৰ্দেশত বাৰণ কৰা হৈছে বুলি তেওঁলোকে প্ৰশ্ন কৰে।
সংবিধানৰ ২৫(১) নং অনুচ্ছেদৰ মতে সকলো ভাৰতীয়ক নিজৰ ধৰ্ম মুক্তভাৱে পালনৰ অনুমতি দিয়া হৈছে ৷ কিন্তু আন মৌলিক অধিকাৰৰ দৰেই ই অসীম নহয় । ৰাজহুৱা শৃংখলা, নৈতিকতা আদি কাৰণত চৰকাৰে ইয়াত বাধা আৰোপ কৰিব পাৰে। দেশৰ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে এই বিষয়টোত ৰায় দিছিল যে- All India Pre-Medical Entrance Testত নকল ৰোধৰ বাবে নিৰ্দিষ্ট পোছাক পিন্ধাৰ নিৰ্দেশ দিয়া হৈছিল। ফলত মুছলমান প্ৰাৰ্থীসকলক হিজাব বা আন দীঘল পোছাক পিন্ধিবলৈ দিয়া হোৱা নাছিল ৷ ইয়াৰ বিৰুদ্ধে ২০১৫ আৰু ২০১৬ত একাংশ প্ৰাৰ্থীয়ে কেৰালা উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিছিল ৷ দুয়োবাৰেই ন্যায়ালয়ে ছাত্ৰীসকলক হিজাব পিন্ধি পৰীক্ষাত বহাৰ অনুমতি দিছিল । ২০১৬ত ন্যায়ালয়ে কোৰাণ আৰু হাদিথ পৰীক্ষা কৰি হিজাব ইছলাম ধৰ্মৰ বাবে প্ৰয়োজনীয় অংশ বুলি মন্তব্য কৰি ইয়াক পৰিধানৰ অনুমতি দিছিল ৷ অৱশ্যে কৰ্তৃপক্ষক প্ৰয়োজনত তেওঁলোকৰ তালাচী লোৱাৰ অনুমতি দিছিল।
ইয়াৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে একে বছৰতে একেধৰণৰ এটা গোচৰৰ শুনানি লৈ কৈছিল যে, এদিন পৰীক্ষাত হিজাব নিপিন্ধাকৈ বহিলেই ধৰ্মীয় বিশ্বাস নোহোৱা হৈ নাযায় ৷ ন্যায়ালয়ৰ এই মন্তব্যৰ পাছতে আবেদনকাৰীয়ে আবেদন প্ৰত্যাহাৰ কৰিছিল ৷ ইয়াৰ ফলত ন্যায়ালয়ৰ উক্ত মন্তব্য ৰায়ত পৰিণত হোৱা নাছিল ৷
আনহাতে, ২০১৮চনত কেৰালা উচ্চ ন্যায়ালয়ে এখন ব্যক্তিগত বিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীয়ে স্কুলৰ ইউনিফৰ্মৰ অংশ হিচাপে হিজাব পৰিধানৰ অনুমতি বিচাৰি কৰা আবেদন নাকচ কৰিছিল ৷ ন্যায়ালয়ে কৈছিল যে আবেদনকাৰীয়ে নিজৰ ব্যক্তিগত অধিকাৰ প্ৰতিষ্ঠানটোৰ বৃহত্তৰ অধিকাৰৰ ওপৰত জাপি দিব নোৱাৰে ৷ শিক্ষানুষ্ঠানৰ ইয়াৰ ড্ৰেছকোডৰ সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে ৷
এই গোটেই বিতৰ্কৰ সবাতোকৈ উদ্বেগজনক দিশ হৈছে একাংশ ছাত্ৰী একমাত্ৰ এবিধ পোছাকৰ বাবে শিক্ষাগ্ৰহণৰ বঞ্চিত হ’ব লগা হোৱাটো ৷ আইনী দিশ চালিজাৰি চালে এটা কথা স্পষ্ট হয় যে শিক্ষানুষ্ঠানসমূহৰ ইউনিফৰ্ম সম্পৰ্কত সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে ৷ লগতে শিক্ষাগ্ৰহণৰ লগত ধৰ্মীয় পৰিচয়ৰ দিশত সাঙোৰাও উচিত নহয়। কিন্তু কেৰালা উচ্চ ন্যায়ালয়ৰ ৰায় মতে হিজাব ইছলামৰ প্ৰয়োজনীয় অংগ ৷ যিদৰে হিন্দুসকলৰ সেন্দূৰ বা শিখসকলৰ পাগুৰি ৷ যদি কোনো ছাত্ৰীয়ে সেন্দূৰ বা কোনো ছাত্ৰই পাগুৰি পিন্ধি গ’লে শিক্ষাগ্ৰহণত বাধা নাপায় তেন্তে হিজাব পিন্ধি গ’লে বাধা ক’ত বুলি বহুজনৰ মনত প্ৰশ্ন উঠিছে ৷
শিক্ষা গ্ৰহণ এক মৌলিক অধিকাৰ ৷ ইয়াৰ পৰা দেশৰ ছাত্ৰ-ছাত্ৰী কোনো কাৰণতে যাতে বঞ্চিত নহয় সেয়া নিশ্চিত কৰাটো অতি প্ৰয়োজন৷