নিৰ্ধাৰিত সময়ত মাচুল নিদিলে এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে ভৰিব লাগিব জৰিমনা। এই সিদ্ধান্ত আদৰ্শ বিদ্যালয়ৰ। মাহৰ ৮ তাৰিখৰ পাছত মাচুল দিলে প্ৰতিদিনৰ বাবদ ভৰিব লাগিব ৫ টকাকৈ জৰিমনা বুলি আদৰ্শ বিদ্যালয়ৰ শেহতীয়াকৈ প্ৰকাশিত জাননীত উল্লেখ কৰিছে।
উল্লেখ্য যে, ৰাজ্যৰ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থী সকলক উন্নত শিক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰে প্ৰান্তে প্ৰান্তে স্থাপন কৰিছিল আদৰ্শ বিদ্যালয়। এই বিদ্যালয়সমূহ নিয়ন্ত্ৰণত ৰখাৰ বাবে চৰকাৰে আদৰ্শ বিদ্যালয় সংগঠন নামৰ এটি সংস্থাও গঠন কৰি দিছিল। এই সংগঠন সমূহেই বিদ্যালয়ৰ মাহিলী মাছুল ৩০০ টকাকৈ ধাৰ্য্য কৰে। অৱশ্যে দৈনিক মজুৰিৰ ভিত্তিত উপাৰ্জন কৰা অভিভাৱকৰ সন্তানৰ ক্ষেত্ৰত আছিল কিছু ৰেহাই। অৱশ্যে বিদ্যালয় পৰিচালনা সমিতিসমূহে এই সন্দৰ্ভত অন্তিম সিদ্ধান্ত ল’ব।
আনহাতে,ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গ’ল এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ।