উচ্চতম ন্যায়ালয়ত স্পেচিয়েল মেৰিজ এক্টৰ অধীনত সমকামী বিবাহক লৈ শুকুৰবাৰে এক বিশেষ শুনানি হয়। সমকামী বিবাহ স্পেচিয়েল মেৰিজ এক্টত অন্তৰ্ভূক্ত কৰিব পাৰিনে নোৱাৰি তাক লৈ কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰি উত্তৰ বিচাৰিছে ন্যায়ালয়ে। ভাৰতৰ এটৰ্নি জেনেৰেললৈও এখন জাননীও প্ৰেৰণ কৰি চাৰি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে। তাৰ পাছত উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল’ব যে সমকামী বিবাহ বৈধ হিচাপে মানি লব পাৰি নে নোৱাৰি।ভাৰতৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড় আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে এক আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল।
উল্লেখ্য যে, সমকামী যুৱক এহালে স্পেচিয়েল মেৰিজ এক্টত সমকামী বিবাহ অন্তৰ্ভুক্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আৱেদনকাৰী হায়দৰাবাদৰ সুপ্ৰিয় চক্ৰৱৰ্তী আৰু অভয় দাং প্ৰায় ১০ বছৰ ধৰি একেলগে আছে আৰু তেওঁলোকৰ এই সম্পৰ্কটো পৰিয়ালেও সমৰ্থন কৰে।
আন এহাল সমকামী দম্পতীয়েও উচ্চতম ন্যায়ালয়ত এক আবেদন জনাই এল জি টি বি কিউ(LGBTQ)ৰ সকলো সদস্যৰ স্বীকৃতি বিচাৰিছে। পাৰ্থ ফিৰোজ মেহৰোত্ৰা আৰু উদয় ৰাজ আনন্দ যোৱা ১৭ বছৰ ধৰি একেলগে আছে। তেওঁলোকে বৰ্তমান দুটা সন্তানক একেলগে ডাঙৰ-দীঘল কৰি আছে। কিন্তু তেওঁলোকে দুই সন্তানৰ সৈতে পিতৃ-মাতৃ আৰু শিশুৰ আইনী সম্পৰ্ক ৰাখিব নোৱাৰে।
গতিকে এই সন্দৰ্ভত কেন্দ্ৰই কি উত্তৰ দিয়ে তাৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব যে সমকামী বিবাহ স্পেচিয়েল মেৰিজ এক্টত অন্তৰ্ভূক্ত কৰিব পাৰি নে নোৱাৰি।