ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিলে অসমৰ পৰা নিৰ্বাচিত হোৱা দুই বিজেপি সাংসদ ক্ৰমে পবিত্ৰ গগৈ মাৰ্ঘেৰিটা আৰু ৰনগৌৰা নাৰ্জাৰীয়ে। উল্লেখ্য যে, অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদসকলৰ ভিতৰত পবিত্ৰ মাৰ্ঘেৰিটাই কনিষ্ঠ সাংসদ।
সোমবাৰে ৰাজ্যসভাৰ অধিৱেশনৰ মাজতে পবিত্ৰ মাৰ্ঘেৰিটাই অসমীয়াত আৰু ৰনগৌৰা নাৰ্জাৰীয়ে বড়ো ভাষাত শপতবাক্য পাঠ কৰে। অসমৰ দুই ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা আৰু ৰাণী নৰহৰ আসন দুখন খালী হোৱাৰ বাবে এই দুই আসনৰ বাবে অসমত নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনত বিজেপিৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মিত্ৰদল ইউ পি পি এলৰ ৰনগৌৰা নাৰ্জাৰীয়ে বিজয় সাব্যস্ত কৰি ৰাজ্যসভালৈ গৈছে।