• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভূ-গৰ্ভৰ পানী ব্যৱহাৰৰ বাবেও কৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰক!

নিউজ ডেস্ক by নিউজ ডেস্ক
September 26, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়
1 min read
0
ভূ-গৰ্ভৰ পানী ব্যৱহাৰৰ বাবেও কৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰক!
Share on FacebookShare on Twitter

পানীৰ নামত কেন্দ্ৰীয় চৰকাৰে জনতাৰ ওপৰত ৰামটাঙোন শোধোৱাৰ ব্যৱস্থা কৰিছে। চৰকাৰে পানীৰ ওপৰত থকা জনতাৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। এইক্ষেত্রত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা অনুসৰি অসমৰ নগৰাঞ্চলৰ সকলো লোকে এক অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হ’ব। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভেলপাৰ্ছ এছ’চিয়েচন চমুকৈ ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই। তেওঁ কয় যে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনাই এই ভয়াৱহ সংকট কঢ়িয়াই আনিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি আৱাসিক এপাৰ্টমেণ্ট, গোট হাউচিং চ’চাইটি, চৰকাৰী পানী যোগান সংস্থা, নগৰ অঞ্চলত বৃহৎ পৰিমাণৰ পানী যোগানকৰ্তা নাইবা ঘৰুৱা ব্যৱহাৰকাৰীকে ধৰি সকলো ভূগৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে। যাৰ ফলত ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰাটো অধিক ব্যয়বহুল হৈ পৰিব। উল্লেখিত ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰী সকলে নতুন নিৰ্দেশনা অনুসৰি পঞ্জীয়ন মাচুল পৰিশোধ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। কিন্তু পঞ্জীয়ন কৰিবলৈ যাওতে আবেদনকাৰীয়ে চৰকাৰীভাৱে যে পানী যোগান ধৰিবলৈ অসমৰ্থ তাৰ প্ৰমাণপত্র সংগ্ৰহ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগিব। লগতে মানিব লাগিব আন কেতবোৰ নিয়ম। পঞ্জীয়ন কৰিবলৈ যাওতে পৰিশোধ কৰিব লাগিব এক লাখ টকাৰ জৰিমনা। আনহাতে ব্যৱহাৰ কৰা পানীৰ বিপৰীতে ডিজিটেল পেইজ’মিটাৰ স্থাপন কৰি বিল দিব লাগিব। অৰ্থাৎ মিটাৰ ৰিডিং অনুসৰি পানীৰ মাচুল দিব লাগিব। সেইদৰে বিল্ডিঙত নৰ্দমা শোধন প্ৰকল্প স্থাপন কৰিব লাগিব আৰু যাৰ দ্বাৰা শৌচাগাৰৰ ফ্লাচিং, বাগিচা আৰু গাড়ী ধোৱাৰ বাবে পানীৰ পুনৰ ব্যৱহাৰ কৰিব লাগিব। এই সমগ্ৰ প্ৰক্ৰিয়া সম্পাদন কৰাৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে।
শৰ্মাই লগতে কয় যে ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয় (জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱন বিভাগ) (কেন্দ্ৰীয় ভূ-জল কৰ্তৃপক্ষ)ৰ দ্বাৰা জাৰী কৰা ২০২০ চনৰ ২৪ ছেপ্টেম্বৰৰ এক অধিসূচনাৰ আধাৰত এই নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰ সংশ্লিষ্ট কৰ্তৃপক্ষই দাবী কৰা অনুসৰি ২০১৫ চনৰ পৰা বাতৰি কাকতত কেইবাটাও ৰাজহুৱা জাননী জাৰি কৰা হৈছে। দুৰ্ভাগ্যবশতঃ এই বিভ্ৰান্তিকৰ দিশটোৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ লোৱা নাছিল। আইনী জটিলতাৰ জ্ঞান নথকা ৰাইজৰ মাজত এই বিষয়টো অধিক ভালদৰে কোৱা হোৱা নাছিল। লক্ষণীয় বিষয় যে পানীৰ ওপৰত অধিকাৰ তথা নিয়ন্ত্ৰণ ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়। উল্লেখ যে পানী যোগানৰ বাবে শক্তিশালী ব্ৰহ্মপুত্ৰত প্ৰচুৰ উপলব্ধতা থকা স্বত্বেও চৰকাৰে পানী যোগান ধৰিব পৰা নাই আৰু ইতিমধ্যে পৌৰসভাসমূহে পানী যোগান নধৰাকৈয়ে আৰোপ কৰা পানী কৰৰ বোজা বহন কৰি আহিছে জনসাধাৰণে। ইফালে গুৱাহাটীত চৰকাৰী পানী যোগান আঁচনিয়ে জনসংখ্যাৰ মাত্ৰ ৩০ শতাংশ সামৰি লয়। ৰাজ্যৰ বাকী অংশৰ অৱস্থা আৰু অধিক বেয়া। যাৰ বাবে নাগৰিকে জীয়াই থকাৰ বাবে কেৱল ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। নাগৰিকে নিজা ব্যয়ৰে ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰি আহিছে। কিন্তু এতিয়া জনসাধাৰণক পানী ব্যৱহাৰৰ বাবে অসম ভূ-জল নিয়ন্ত্ৰণ আৰু নিয়ামক আইন ২০১২ আৰু পৌৰসভাৰ পানী কৰৰ উপৰিও অতিৰিক্ত কৰৰ বোজা জাপি দিয়া হৈছে।
ইফালে কেন্দ্ৰীয় অধিসূচনাত আবেদনৰ ওপৰত এক লাখ টকাৰ জৰিমনা আৰোপ কৰাৰ বাবে আন কোনো ব্যৱস্থা নাই। কিন্তু যেতিয়া কোনো আবেদনকাৰীয়ে চি জি ডব্লিউ এৰ অফিচিয়েল ৱেবছাইটত লগ ইন কৰি এন অ’ চি প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকক পোনপটীয়াকৈ এক লাখ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হয়। তদুপৰি নিৰ্দেশনা অনুসৰি এটা সম্পূৰ্ণ আৰু অধিকৃত বিল্ডিঙত নতুন প্লাম্বিং নেটৱৰ্কৰ সৈতে নৰ্দমা শোধন প্ৰকল্প স্থাপন কৰাটো কাৰিকৰীভাৱে অসম্ভৱ। ভয়াৱহ এই সংকটৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে এই অভূতপূৰ্ব পৰিস্থিতিত আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পানীৰ ওপৰত একাধিক কৰৰ এনে আক্ৰমণৰ পৰা অসমৰ জনসাধাৰণক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছো। পানী জীৱনৰ বাবে এক মৌলিক প্ৰয়োজনীয়তা আৰু এইক্ষেত্রত এনে কৰৰ বোজাই জনসাধাৰণক জুৰুলা কৰিব বুলি শৰ্মাই কয়। সংবাদমেলত ‘এৰিডা’ৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল।

Previous Post

অসমক বিদায় দিলে আনন্দ মিশ্ৰই!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বৃদ্ধি পোৱা চোৰৰ উপদ্ৰৱে উদ্বিগ্ন কৰি তুলিছে নগাঁৱৰ ৰাইজক

মহানগৰীত চিলনী চোৰে কাঢ়িলে ডিঙিৰ চেইন

দেশজুৰি পুনৰ PFIৰ বিৰুদ্ধে অভিযান, অসমত আটক PFI নেতা–কৰ্মী

দেশজুৰি পুনৰ PFIৰ বিৰুদ্ধে অভিযান, অসমত আটক PFI নেতা–কৰ্মী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8