ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ উদ্যোগত পশ্চিমবঙ্গৰ নাদিয়াৰ কল্যাণী বিশ্ববিদ্যালয়ত আজিৰে পৰা দহদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰাক গণৰাজ্য দিৱসৰ পেৰেডৰ আখৰাৰ শিবিৰ। আনহাতে শিবিৰত অংশগ্ৰহণৰ বাবে ১৫ নৱেম্বৰত ৰাওনা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্রীয় সেৱা আঁচনিৰ (NSS) এটা ১২ জনীয়া স্বেচ্ছাসেৱকৰ দল কল্যাণী বিশ্ববিদ্যালয়লৈ ৰাওনা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ অধীনৰ বিভিন্ন NSS গোটৰ পৰা নিৰ্বাচিত দলটোত আছে অজিত ডেকা, সুমিত কুমাৰ ৰয়, বিষ্ণু বসুমতাৰী, হীৰক জ্যোতি গগৈ, আদিল উদ্দিন আহমেদ, অংকুৰ নাথ, পাহি মহন্ত, অৰ্জিনা বেগম, চয়নিকা বৰা, পূৰবী সৰকাৰ, ডলী চৌধুৰী আৰু মনালিছা চেত্ৰী। গোৱালপাৰা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ কায্যসূচী বিষয়া ড০ যুগব্ৰত দাসে গুৱাহাটী বিশ্ববিদ্যালয় দলৰ লগতে মুঠ অসমৰ দলটিক নেতৃত্ব দিছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ, এন এছ এছ, উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক সঞ্চালক দিপক কুমাৰ, অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালক নিবেদন দাস পাটোৱাৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিৰ তৰফৰ পৰা সমূহ অংশগ্ৰহণকাৰীক এই শিবিৰ সফল কৰিবলৈ শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰা হৈছে। এই শিবিৰৰ অন্তত সফল স্বেচ্ছাসেৱকসকলে অহা বছৰৰ ১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেড শিবিৰত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব।