বিধানসভা ঘেৰাও কৰিবলৈ যোৱা টেট উত্তীৰ্ণক আধা বাটতে বাধা দি খেদি খেদি আৰক্ষীয়ে প্ৰহাৰ কৰাৰ দৃশ্যই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, বিহাৰ বিধানসভাৰ শীতকালীন অধিৱেশনৰ মাজতে বিভিন্ন সমস্যাৰ বাবে সদনৰ ভিতৰত বিৰোধীয়ে চৰকাৰৰ বিভিন্ন নীতিৰ সমালোচনাৰে পৰিৱেশ হুলুস্থুলীয়া কৰি তোলাৰ সমান্তৰালকৈ বিধানসভাৰ বাহিৰতো প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে।
বিশেষকৈ যোৱা ৩ বছৰে নিযুক্তিৰ পৰা বঞ্চিত হৈ থকা টেটে উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে নিযুক্তি লাভৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। টেট উত্তীৰ্ণ এইসকল যুৱক-যুৱতীয়ে হাতত ৰঙা গোলাপ লৈ বিধানসভা ঘেৰাও কৰাৰ উদ্দেশ্যৰে সমদল কৰি আগবাঢ়িছিল যদিও আধা বাটতে আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে। ফলত তেওঁলোকে ৰাজপথত বহি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁলোকক অতি নিৰ্মম ভাৱে প্ৰহাৰ কৰে।
উল্লেখ্য যে, প্ৰতিবাদী টেট উত্তীৰ্ণসকলে ৩ বছৰ ধৰি তেওঁলোকক নিযুক্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে এই বিষয়ত এই পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই। সেয়ে নিযুক্তিৰ দাবীৰে প্ৰতিবাদত চামিল হোৱা এই টেট উত্তীৰ্ণ সকলৰ দাবী, হয় নিযুক্তি দিয়ক নহয় মাৰি পেলাওক। তেওঁলোক কাৰাগাৰলৈ যাবলৈও প্ৰস্তুত বুলিও মন্তব্য কৰিছে।