আজি পুৱাই উত্তপ্ত হৈ পৰিল ছেবাৰ কাৰ্যালয়। ২০২১ত অনুষ্ঠিত হোৱা বিশেষ টেটৰ ফলাফল আজি পৰ্যন্ত ঘোষণা নোহোৱাৰ ফলত বিশেষ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ লগতে ২০২১ ৰ টেট পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে ছেবাৰ কাৰ্যালয়ৰ সন্মুখত। প্ৰতিবাদকাৰী টেট পৰীক্ষাৰ্থীসকলে কয় যে, তেওঁলোকে অতিৰিক্ত নম্বৰ বিচাৰি প্ৰতিবাদ কৰা নাই। তেওঁলোকে ন্যায় বিচাৰিহে প্ৰতিবাদ কৰিছে। বিশেষ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত আজিও সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হোৱা নাই। ইয়াৰোপৰি ২০২১ বৰ্ষত অনুষ্ঠিত হোৱা টেট পৰীক্ষাত বহু বিসংগতিৰ সৃষ্টি হৈছিল। যাৰ বাবে এই টেট উত্তীৰ্ণ শিক্ষাৰ্থীসকলে তথ্য সহকাৰে ছেবাক সেই বিষয়ে অৱগত কৰিছিল। কিন্তু ছেবাই প্ৰতিবাৰেই ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে বুলিও মন্তব্য কৰাৰ উপৰিও একাংশ পৰীক্ষাৰ্থীয়ে তেওঁলোকৰ লগত ন্যায় নহ’লে আত্মজাহৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও স্পষ্টকৈ উল্লেখ কৰিছে। পূৰ্বে হোৱা আলোচনাত ছেবাই সমগ্ৰ প্ৰক্ৰিয়াত হৈ যোৱা বিসংগতি সমূহৰ বাবে এক কমিটী গঠন কৰিব আৰু কমিটীৰ প্ৰতিবেদন অনুসৰি পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও ছেবাই আজি পৰ্যন্ত সেই কমিটী গঠন নকৰিলে। ক্ষোভিত পৰীক্ষাৰ্থীসকলে কয় যে, শিক্ষক নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটোৱেই ভুল। ২০২১ৰ টেট পৰীক্ষাৰ ১৫ টা এনছাৰ কী ভুল আছিল। যাৰ বাবে শিক্ষাৰ্থীসকলে উপযুক্ত নম্বৰৰ পোৱাৰ পৰা বঞ্চিত হৈছিল।