অসমৰ পূৱ প্ৰান্তৰ খিলঞ্জীয়া জনগোষ্ঠী চিংফৌ, টাংছা, ছেমা, টাইফাকে, সোনোৱাল কছাৰী আৰু মৰাণ জনগোষ্ঠীৰ জাতীয় সংগঠনে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে মহাসংঘই ছুপ্ৰিম কৰ্টত চলাই থকা ৫৬২/২০১২ নং গোচৰলৈ পূৰ্ণ সমৰ্থন জনাইছে। লগতে মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান বনাম ভাৰত চৰকাৰ ১৫১৪/২০১৯ নং নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টত চলি থকা গোচৰত সহযোগী গোচৰীয়া হিচাপে শপতনামা দি জড়িত হৈছে সোনোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি শান্তনু দাস বৰহাজোৱাল, চিংফৌ জাতীয় পৰিষদৰ সভাপতি ৰজা বিচা নং চিংফৌ, টাইফাকে জাতীয় পৰিষদৰ উপ-সভাপতি আই মৌন ছাখাপ, টাংছা নগা জাতীয় পৰিষদৰ সভাপতি নং ইয়ং কুক, ছেমা নগা জাতীয় পৰিষদৰ সভাপতি কাহ’ত ছেমা, মৰাণ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অজিত মৰাণ আৰু চাবুৱাৰ মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ চন্দ্ৰ গোস্বামীয়ে।আজি মাকুমত বনমালী সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত উল্লিখিত জাতীয় সংগঠন কেইটাৰ নেতৃত্বই এক যুটীয়া প্ৰেছ টোকাত কয় যে অসমত বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯৭১ বা ২০১৪ কেতিয়াও হ’ব নোৱাৰে, দেশৰ সংবিধান অনুসৰি ১৯৫১ হ’বই লাগিব। লগতে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ(২০০৭)ৰ ভিত্তিত অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ সুৰক্ষা বিচাৰি মহাসংঘৰ সৈতে ছুপ্ৰিম কৰ্টৰ গোচৰত জড়িত হৈ আছে বুলিও উল্লেখ কৰে সংগঠন কেইটাই।
ছুপ্ৰিম কৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে দেশৰ সংবিধান অনুসৰি আৰু আন্তঃৰাষ্ট্ৰীয় নীতিৰ আধাৰত অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ন্যায়সঙ্গত ৰায় দান কৰিব বুলি সংগঠন কেইটা আশাবাদী বুলি স্পষ্ট ভাবে কয় ।
১. শান্তনু দাস বৰহাজোৱাল
প্ৰাক্তন সভাপতি
সোনোৱাল কছাৰী জাতীয় পৰিষদ
২. চেংগাম লাব্ৰাম
সভাপতি
সদৌ চিংফৌ জাতীয় পৰিষদ
৩. আই মৌন ছাখাপ
উপ-সভাপতি
সদৌ অসম টাই ফাকে জাতীয় পৰিষদ
৪. নং ইয়ং কুক
সভাপতি
টাংছা নগা জাতীয় পৰিষদ
৫. কাহ’ট ছেমা
সভাপতি
ছেমা নগা জাতীয় পৰিষদ
৬. অজিত মৰাণ
প্ৰাক্তন সম্পাদক
মৰাণ সাহিত্য সভা
৭. মুকুন্দ চন্দ্ৰ গোস্বামী
সত্ৰাধিকাৰ
মায়ামৰা দিনজয় সত্ৰ, চাবুৱা