ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত আক্ৰমণ কৰে ইউক্ৰেইনক। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতেই ৰাছিয়াৰ সেনাই আকাশমাৰ্গৰ পৰা ইউক্ৰেইনত ধাৰাসাৰ বোমাবৰ্ষণ কৰিছে।
ৰাষ্ট্ৰপতি পুটিনৰ নিৰ্দেশৰ প্ৰায় আধা ঘন্টাৰ ভিতৰতে ৰকেট আক্ৰমণ আৰম্ভ কৰে ৰাছিয়াৰ সেনাই। ইউক্ৰেইনৰ সেনাক অতি সোনকালে আত্মসমৰ্পণ কৰিবলৈও সকিয়নি দিছে ৰাছিয়াই। আনহাতে, ইউক্ৰেইনত আৱদ্ধ হৈ আছে প্ৰায় ২০ হাজাৰৰো অধিক ভাৰতীয়। বৃহস্পতিবাৰে পুৱা ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পিছতেই ইউক্ৰেইনে আকাশীপথ বন্ধ কৰি দিয়ে। ইয়াৰ ফলত ইউক্ৰেইনত আৱদ্ধ হৈ পৰা ভাৰতীয়সকলক দেশলৈ ওভতাই অনাৰ পথ বন্ধ হৈ পৰে।
ইউক্ৰেইনত যিসকল আৱদ্ধ হৈ আছে তেওঁলোকক ওভতাই অনাৰ বাবে ভাৰত চৰকাৰে বিকল্প উপায়ৰ সন্ধান কৰিছে। কিন্তু সেই উপায় অৱলম্বন কৰি আৱদ্ধ ভাৰতীয়সকলকলক উদ্ধাৰ কৰাৰ আগলৈকে তেওঁলোকক সাৱধানে থকাৰ পৰামৰ্শ দিয়া হৈছে। পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে গুগল মেপ চাই নিৰাপদ আশ্ৰয় বিচাৰি ল’বলৈ ভাৰতীয়সকলক পৰামৰ্শ দিয়াৰ লগতে কোনো ভাৰতীয় যাতে অপ্ৰয়োজনত ঘৰৰ বাহিৰলৈ ওলাই নাহে তাৰবাবে বাৰে বাৰে সকিয়নী জনাইছে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে।