দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে বুধবাৰে এক সংবাদ মেলযোগে পাঞ্জাৱ আৰু হাৰিয়ানাত ক্ৰমাৎ হ্ৰাস পোৱা জলস্তৰ আৰু ইয়াৰ বাবে সৃষ্টি হোৱা জল সংকটৰ বাবে কেন্দ্ৰৰ হস্তক্ষেপৰ আহ্বান কৰে। ইয়াৰ উপৰিও বিজেপি আৰু কংগ্ৰেছে চুতলেজ-যমুনা মোহনাক কেন্দ্ৰ কৰি বহু দশক জুৰি কেৱল ৰাজনীতিয়েই কৰা বুলিও অভিযোগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
हरियाणा और पंजाब दोनों में पानी की भारी कमी है। दोनों राज्यों को एक दूसरे से लड़ाने की बजाय केंद्र सरकार को दोनों राज्यों के लिए पानी का इंतज़ाम करना चाहिए। pic.twitter.com/8Ia1V2vGkH
— Arvind Kejriwal (@ArvindKejriwal) September 7, 2022
কেন্দ্ৰই দেশৰ উচ্চতম ন্যায়ালয়ক চুতলেজ-যমুনা মোহনা কেন্দ্ৰিক বিবাদত কেন্দ্ৰক সহযোগ নকৰা বুলি অৱগত কৰোৱাৰ পাছত অৰৱিন্দ কেজৰিৱালে এই মন্তব্য কৰে আৰু সন্দৰ্ভত তেওঁ হাৰিয়ানা আৰু পাঞ্জাৱৰ মাজত বিবাদৰ সৃষ্টি নকৰিবলৈও আহ্বান জনায়।