- বিগত বিধানসভা নিৰ্বাচনত পশ্চিমবংগত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত ৫ মে’ত প্ৰথমবাৰলৈ পশ্চিম বংগত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
- মমতা বেনাৰ্জীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী।
- শিলিগুৰিত এক বিশাল জনসভা সম্বোধন কৰি শ্বাহে কয় যে কোৰোনা মহামাৰী অন্ত পৰিলেই বলৱৎ কৰা হ’ব CAA (নাগৰিকত্ব সংশোধনী আইন)।
- শ্বাহে কয়, মমতা দিদি, আপুনি বিচাৰে অনুপ্ৰৱেশ অব্যাহত থাকক, বাংলাদেশৰ পৰা অহা শৰণাৰ্থী সকলে নাগৰিকত্ব নাপাঁওক। তৃণমূল কংগ্ৰেছীসকলে কাণ খুলি শুনক ‘কা’ বাস্তৱ আছিল, আছে আৰু থাকিব। মমতা দিদি আপুনি একোৱেই কৰিব নোৱাৰিব।
- অমিত শ্বাহে বংগৰ জনসাধাৰণক ধন্যবাদ জনাই কয় যে, আমি যেতিয়া যুঁজত নামিছিলো তেতিয়া বিধানসভাত আমাৰ আসনৰ সংখ্যা আছিল মাত্ৰ ৩ খন আৰু এতিয়া আমাৰ আসন ৭৭ খন।