দেশৰ নতুন নিৰ্বাচন আয়ুক্ত হিচাপে দেওবাৰে দায়িত্ব গ্ৰহণ কৰে ৰাজীৱ কুমাৰে। বিদায়ী মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাই কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছতেই ৰাজীব কুমাৰৰ হাতত দায়িত্ব ভাৰ অৰ্পণ কৰে।
১৯৮৪ বেটচৰ ভাৰতীয় প্ৰশাসনিক বিষয়া ৰাজীৱ কুমাৰে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত বিভিন্ন মন্ত্ৰালয়ত সেৱা আগবঢ়াই আহিছে। উল্লেখ্য যে, ৰাজীৱ কুমাৰ হৈছে দেশৰ ২৫ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত।