আজি পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ সংসদ ভৱনত অনুষ্ঠিত হ’ব দেশৰ উপ–ৰাষ্ট্ৰপতি নিৰ্বাচন। দেশৰ পৰৱৰ্তী উপ–ৰাষ্ট্ৰপতি কোন হ’ব সেয়া স্পষ্ট হ’ব আজিৰ ভোটদানৰ পিছত। মূল নিৰ্বাচন যুঁজ হ’ব NDA প্ৰাৰ্থী জগদীপ ধনখড় আৰু বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাৰ মাজত।
লোকসভাৰ ৫৪৩জন আৰু ৰাজ্যসভাত ২৪৫ জনেৰে সৰ্বমুঠ ৭৮০ জন সাংসদে আজি নিৰ্ণয় কৰিব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি। উচ্চ সদনৰ আঠখন আসন শূন্য আৰু ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ ৩৬জন সাংসদে ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে, যাৰ ফলত ৭৪৪জন সাংসদে ভোটদান কৰিব বুলি আশা কৰা হৈছে। NDAৰ ৪৪১জন সাংসদ আছে, যাৰ ভিতৰত বিজেপিৰ ৩৯৪ জন আৰু লগতে পাঁচজন মনোনীত সাংসদে NDA প্ৰাৰ্থীকে সমৰ্থন কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, জগদীপ ধনখড়ে ৫২৭ টাৰে প্ৰায় ৭০ শতাংশ ভোট লাভ কৰিব পাৰে বুলি অনুমান কৰা হৈছে। আনহাতে, মাৰ্গাৰেট আলভাই পাব পাৰে ২৬ শতাংশ ভোট বা প্ৰায় ২০০টা ভোট। কংগ্ৰেছ, এমকে ষ্টালিনৰ ডিএমকে, লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল, শাৰদ পাৱাৰৰ এনচিপি আৰু অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টী আৰু বাওঁ দলসমূহৰ সমৰ্থন পাব মাৰ্গাৰেটে। ইয়াৰ উপৰি ঝাৰখণ্ড মুক্তি মৰ্চা, তেলেংগানা ৰাষ্ট্ৰ সমিতি, আম আদমি পাৰ্টী আৰু শিৱসেনাৰ উদ্ধৱ থাকৰে গোষ্ঠীৰ ৯জন সাংসদে মাৰ্গাৰেট আলভাক সমৰ্থন কৰিছে।