নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন। ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত নিৰ্বাচন। নাগালেণ্ড আৰু মেঘালয়ত ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ২ মাৰ্চত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।
এই তিনিখন ৰাজ্যৰ ভিতৰত ত্ৰিপুৰাত বিজেপিৰ নিজা চৰকাৰ থকাৰ বিপৰীতে মেঘালয়, নাগালেণ্ডত চৰকাৰৰ অংশীদাৰ বিজেপি৷ এই তিনিওখন ৰাজ্যতে আছে ৬০টাকৈ বিধানসভা সমষ্টি৷ বিগত ২০১৮ৰ নিৰ্বাচনত ৩৩খন আসনত জয়লাভ কৰি ত্ৰিপুৰা দখল কৰিছিল বিজেপিয়ে৷ ত্ৰিপুৰাত বিজেপি ৩৩, INDIGENOUS PEOPLE’S FRONT OF TRIPURA(IPFT) ৪, চি পি আই(এম) ১৫ আৰু কংগ্ৰেছ ১, খালী হৈ আছে ৭খন আসন৷ ত্ৰিপুৰাত প্ৰায় ২০টাকৈ সমষ্টি জনজাতীয় ভোটাৰ অধ্যুষিত৷
নাগালেণ্ডত নিৰ্বাচন হ’বলগীয়া ৬০টা সমষ্টিত বৰ্তমান NDPP, BJP, NPFৰ সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰ চলি আছে৷ নাগালেণ্ড বিধানসভাক বিৰোধীহীন কৰি ২১গৰাকী NPF সদস্য UNITED DEMOCRATIC ALLIANCEত চামিল হোৱাত বৰ্তমান বিধানসভাত শক্তি NDPPৰ ৪২, বিজেপিৰ ১২, NPFৰ ৪ আৰু নিৰ্দলীয় ২৷
মেঘালয়ৰ ৬০টা সমষ্টিৰ ভিতৰত বৰ্তমান কণৰাড চাংমাৰ নেতৃত্বৰ চৰকাৰত NPPৰ বিধায়ক ২০, UNITED DEMOCRATIC PARTY ৮, বিজেপি ৩, নিৰ্দলীয় ২৷ বিৰোধী তৃণমূল কংগ্ৰেছৰ হাতত ৮গৰাকী বিধায়ক আৰু বাকী আসন খালী হৈ আছে৷