• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অৰ্থনীতিৰ বিধ্বস্ত ৰূপঃ মানুহৰ জীৱনতকৈও যেন বেছি গুৰুত্বপূৰ্ণ নিৰ্বাচন!

১০ ফেব্ৰুৱাৰীৰ পৰা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন

নিউজ ডেস্ক by নিউজ ডেস্ক
January 8, 2022
in ৰাজনীতি, উত্তৰ পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
অৰ্থনীতিৰ বিধ্বস্ত ৰূপঃ মানুহৰ জীৱনতকৈও যেন বেছি গুৰুত্বপূৰ্ণ নিৰ্বাচন!
Share on FacebookShare on Twitter

কভিডে বিধ্বস্ত কৰিছে দেশৰ অৰ্থনীতি। কভিডৰ নতুন নতুন ভেৰিয়েন্টৰ সংক্ৰমণ ঘটিছে সমগ্ৰ দেশত। বহুজনে ইয়াক ক’ৰোণাৰ তৃতীয় ঢৌ বুলিও কব বিচাৰিছে। এদিনতে বাঢ়িছে প্ৰায় ২১ শতাংশ ক’ৰোণাৰ সংক্ৰমন। বহুকেইখন ৰাজ্যত কভিড সংক্ৰান্তীয় নতুন SOPজাৰি কৰা হৈছে। কোঙা কৰা অৰ্থনীতি, ক’ভিড পৰিস্থিতিৰ অৱনতি তথা তৃতীয় ঢৌৰ আশংকাৰ মাজতেই আজি পাঁচ ৰাজ্যৰ বহু চৰ্চিত বিধানসভা নিৰ্বাচন সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগৰ বাবে মানুহৰ জীৱনতকৈও যেন বেছি গুৰুত্বপূৰ্ণ নিৰ্বাচন! মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাই আজি সংবাদ মেলযোগে কঠোৰ ক’ভিড প্ৰতিৰোধী নীতি-নিৰ্দেশনাৰ মাজেৰে এই নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি প্ৰকাশ কৰিছে যদিও ভাৰতবৰ্ষৰ দৰে দেশত এইয়া কিমানদূৰ সম্ভৱ, সেয়া সময়েহে কব।
আয়োগে কৰা ঘোষণা অনুসৰি ১০ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, ১৪ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ, ২০ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ, ২৩ ফেব্ৰুৱাৰীত চতুৰ্থ পৰ্যায়ৰ. ২৭ ফেব্ৰুৱাৰীত পঞ্চম পৰ্যায়ৰ, ৩ মাৰ্চত ৬ষ্ঠ পৰ্যায়ৰ আৰু ৭ মাৰ্চত সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। পঞ্জাব, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। মণিপুৰত ২৭ ফেব্ৰুৱাৰী, ৩ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন। আনহাতে ভোটগণনা কৰা হ’ব ১০ মাৰ্চত। দেশৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫ জানুৱাৰীলৈ সকলো ধৰণৰ ৰাজনৈতিক সভা, পদযাত্ৰা, ৰেলী আদি অনুষ্ঠিত কৰাটো নিষিদ্ধ কৰা হৈছে। চন্দ্ৰাই ঘোষণা কৰে যে, কোনো ধৰণৰ নিৰ্বাচনী ৰেলী অনুষ্ঠিত কৰাৰ অনুমতি দিলেও সেয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনা মানি অনুষ্ঠিত কৰিব লাগিব। আনহাতে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে সৰ্বাধিক ছজন লোককহে অনুমতি দিয়া হৈছে। আজিৰ পৰাই এই ৰাজ্যসমূহত আদৰ্শ নিৰ্বচনী বিধি বলৱৎ হোৱাৰ কথাও ঘোষণা কৰে।
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি এই ৰাজ্যসমূহত প্ৰথমবাৰৰ বাবে ভোটদান কৰিব ২৪.৯ লাখ ভোটাৰে। পাঁচ ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৮.৩৪ কোটি। পঞ্জাব, উত্তৰ প্ৰদেশৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণাই এতিয়া দেশত ৰাজনৈতিক আৱহাৱা উত্তাল কৰি তুলিছে। মন কৰিবলগীয়া যে, নিৰ্বাচন আয়োগে ৰাজহুৱা সভা তথা বৃহৎ ৰাজনৈতিক সমাৱেশ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। দেশৰ নিৰ্বাচনী ইতিহাসত ই ডিজিটেল যুগৰ আৰম্ভণি ঘটোৱা বুলিও চৰ্চা চলিছে। বৃহৎ সমাৱেশ নোহোৱাকৈ, ৰেলী বা পদযাত্ৰা অনুষ্ঠিত নকৰাকৈ যদিহে এই নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে ই দেশৰ ৰাজনৈতিক ইতিহাসৰ এক উল্লেখনীয় ঘটনা বিবেচিত হ’ব।

Previous Post

অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীলৈ দৰ্শকৰ ব্যাপক সঁহাৰি

Next Post

আই চি চি মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
আই চি চি মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

আই চি চি মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আৰম্ভ হৈছে ব্রহ্মপুত্রৰ খনন

আৰম্ভ হৈছে ব্রহ্মপুত্রৰ খনন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8