এটি যুগৰ অৱসান ঘটাই আজি ব্ৰিটেইনৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাণী ৯৬ বছৰীয়া এলিজাবেথে মৃত্যুবৰণ কৰে। উল্লেখ্য যে, ৰাণী এলিজাবেথে যোৱা বছৰৰ অক্টোবৰৰ পৰা স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ থকাৰ বাবে খোজ কঢ়া আৰু থিয় হোৱাত অসুবিধা পাই আহিছিল। বিগত দুদিন ধৰি তেওঁ চিকিৎসকৰ তত্বাৱধানত আছিল।
ৰাজপৰিয়াল (Royal Family)ৰ বিষয়াই জনোৱা মতে, ৰাণীৰ আটাইকেইজন সন্তান — সিংহাসনৰ উত্তৰাধিকাৰী ৰাজকুমাৰ চাৰ্লছ, ৰাজকুমাৰী এন্নে, ৰাজকুমাৰ এণ্ড্ৰিউ আৰু ৰাজকুমাৰ এডৱাৰ্ড বালমোৰাল (Balmoral Castle)লৈ ৰাওনা হয়। ৰাজকুমাৰ চাৰ্লছৰ পত্নী কেমিলা – কৰ্ণৱালৰ ডাচেছ – লগতে ৰাণীৰ নাতি ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰ হেৰীয়েও ৰাণীৰ সৈতে থাকিবলৈ ৰাণীৰ স্কটিছ হাইলেণ্ডৰ প্ৰাসাদলৈ যাত্ৰা কৰিছিল।
দুদিন পূৰ্বে ৰাণীয়ে বিদায়ী প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে বালমোৰালত সাক্ষাৎ কৰি তেওঁৰ উত্তৰাধিকাৰী লিজ ট্ৰাছ (Lizz Truss)ক প্ৰধানমন্ত্ৰী নিযুক্তি দিছিল। ৰাণীক যোৱা কেইমাহমানত কায়িকভাৱে দুৰ্বল দেখা গৈছিল আৰু বিগত কিছুদিন ধৰি তেওঁ সকলো ধৰণৰ ৰাজহুৱা কাৰ্যসূচীৰ পৰা বিৰত আছিল।