কভিড – ১৯ মহামাৰীৰ বাবে দুবছৰ বিৰতিৰ অন্তত চৌদি আৰৱৰ চৰকাৰে এইবেলি কেতবোৰ বিশেষ নীতি – নিয়মৰ মাজেৰে বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ হজ সমাপন কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমসহ উত্তৰ পূৱৰ ৰাজ্যকেইখনৰ হজযাত্ৰা ৰবিবাৰৰ পৰা আৰম্ভ হৈছে। উল্লেখযোগ্য যে, এইবেলি অসমকে ধৰি উত্তৰ-পূৱৰ ৰাজ্য কেইখনৰ পৰা ৩,৪৪০ জন হজযাত্ৰী পবিত্ৰ হজ সমাপন কৰাৰ বাবে চৌদি আৰৱৰ মক্কালৈ যাব।
বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ হজযাত্ৰীৰ ১৪৯ জনীয়া প্ৰথমটো দল চৌদি আৰব বিমান সেৱাৰ বিশেষ বিমানৰে ৰবিবাৰে বিয়লি ১.২০ বজাত মক্কা অভিমুখে ৰাওনা হয়। দিনৰ ১১ বজাত বৰঝাৰ বিমানবন্দৰত স্থাপন কৰা হজযাত্ৰী অভ্যৰ্থনা কক্ষৰ সন্মুখত পতাকা জোকাৰি হজযাত্ৰীৰ দলটোৰ যাত্ৰাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ হজ আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে। এই উপলক্ষে উত্তৰ পূব হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে হজযাত্ৰী সকলক যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোক সকলোৱে বিশ্বৰ কল্যাণৰ বাবে মক্কাত দোৱা কৰিব বুলি আশা ব্যক্ত কৰে আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হজযাত্ৰী সকলে মক্কাত থকা সময়ছোৱাত কোনো ধৰণৰ যাতে অসুবিধা নাপাই তাৰ বাবে দিয়া নিৰ্দেশনা সন্দৰ্ভত আলোকপাত কৰে।
অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, বিধায়ক জয়ন্তমল্ল বৰুৱাই ভাষণত হজযাত্ৰী সকলক অসমৰ উন্নয়নৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যাতে কাম কৰিবলৈ শক্তি লাভ কৰে তাৰ বাবেও মক্কাত দোৱা কৰিবলৈ আহ্বান জনায়। তেনেদৰে হজ কমিটিৰ সদস্য, বিধায়ক ৰেকিবুদ্দিন আহমেদেও অনুষ্ঠানত উপস্থিত থাকি মহান আল্লাই হজযাত্ৰী সকলৰ হজ কবুল কৰিব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত অসম সংখ্যালঘূ উন্নয়ন পৰিষদৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰী , সংখ্যালঘু বিভাগৰ সচিব আদিল খান, উপ সচিব আবুল কালাম, উত্তৰ পূব হজ কমিটিৰ মুখ্য কাৰ্যবাহী বিষয়া আবু লেইছ চৌধুৰী, সদস্যদ্বয় ডঃ ফজলুৰ ৰহমান আৰু শ্বহিদুল ইছলাম, বিমানবন্দৰ হজ অভ্যৰ্থনা কমিটিৰ অধ্যক্ষ আলতাভ হুছেইন , কাৰ্যকৰী সভাপতি কাচেম আলীকে ধৰি কেবাজনো কৰ্মকৰ্তা , বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে।
আনহাতে হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে সদৰি কৰা অনুসৰি হজযাত্ৰী সকলৰ বিমান পোনে পোনে মদিনালৈ যাব। তাত নিৰ্দিষ্ট হোটেলত আঠদিন থকাৰ পাছতহে হজযাত্ৰী সকল মক্কালৈ যাব। অসমৰ হজযাত্ৰী সকলে মক্কা আৰু মদিনাত থকা সময়ছোৱাত তেওঁলোক যে অসমৰ পৰা আহিছে তাৰ বাবে ডিঙিত গামোচা লৈ থাকিব আৰু হোটেলৰ সন্মুখত গামোচাৰ পতাকা উৰি থাকিব। সোমবাৰৰ পৰা দৈনিক দুখনকৈ বিশেষ বিমানৰে ৩০০ জনকৈ হজযাত্ৰী মদিনালৈ যাত্ৰা কৰিব আৰু এই যাত্ৰা অহা ১৭ জুনলৈকে চলি থাকিব।