ৰাজ্য চৰকাৰে ২৩ ছেপ্টেম্বৰতখানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত ১১ সহস্ৰাধিক নিবনুৱাৰ হাতত তুলি দিয়ে চাকৰিৰ নিযুক্ত পত্ৰ।
উক্ত দিনত নিযুক্তি দিয়া একাংশই মোটা অংকৰ দৰমহা পোৱাৰ বিপৰীতে একাংশ কৰ্মচাৰীৰ দৰমহা পুতৌজনক। একাংশ কৰ্মচাৰীয়ে দৰমহাও নহয়, নিৰ্ধাৰিত মজুৰি (ফিক্স পে) হে লাভ কৰিব। স্বীকৃতিপ্ৰাপ্ত উচ্চ প্ৰাথমিক বিদ্যালয়ত নতুনকৈ পদ প্ৰাদেশীকৰণ কৰি নিযুক্তি দিয়া ১,৫৩৯ জনকৈ চতুৰ্থ বৰ্গৰ পদৰ চকীদাৰে লাভ কৰিব মাহিলী ৮ হাজাৰ টকা। নিত্য ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিপৰীতে ৮ হাজাৰ টকা দৰমহা লাভ কৰিৱ মূৰে কপালে হাত দিছে একাংশই। এই বৰ্গৰ কৰ্মচাৰী সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কিয়নো নিযুক্তি পত্ৰত সঠিককৈ একো উল্লেখ নাই।