• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অগ্নিবীৰসকলৰ বাবে কেইবাটাও সমৰ্থনমূলৰ ব্যৱস্থা ঘোষণা কৰিছে চৰকাৰে

নিউজ ডেস্ক by নিউজ ডেস্ক
June 18, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
অগ্নিবীৰসকলৰ বাবে কেইবাটাও সমৰ্থনমূলৰ ব্যৱস্থা ঘোষণা কৰিছে চৰকাৰে
Share on FacebookShare on Twitter

প্ৰতিৰক্ষা মন্ত্ৰালয়ে অগ্নিবীৰৰ বাবে উপকূলৰক্ষী বাহিনী আৰু প্ৰতিৰক্ষা পিএচইউত ১০ শতাংশ পদ সংৰক্ষণ কৰিছে

প্ৰথম বছৰৰ বাবে অগ্নিবীৰৰ নিযুক্তিৰ বাবে ২বছৰ বয়সৰ ৰেহাই

গৃহ মন্ত্ৰালয়ে অগ্নিবীৰৰ বাবে চিএপিএফ আৰু অসম ৰাইফলছত নিযুক্তিৰ ক্ষেত্ৰত ১০শতাংশ খালী পদ সংৰক্ষণ কৰিব

ৰাজ্য চৰকাৰসমূহে ৰাজ্যিক আৰক্ষী নিযুক্তিত অগ্নিবীৰসকলক অগ্ৰাধিকাৰ দিয়াৰ কথা ঘোষণা কৰিছে

গৃহমন্ত্ৰালয়ে চিএপিএফ আৰু অসম ৰাইফলছত নিযুক্তিৰ বাবে নিৰ্ধাৰিত উচ্চবয়সৰ সীমাৰ ঊৰ্ধত তিনি বছৰ বয়স ৰেহাই দিব

ভাৰতীয় নৌসেনাৰ পৰা অগ্নিবীৰসকলৰ বাবে মাৰ্চেণ্ট নেভীত নিযুক্তিৰ সুযোগ, অন্তৰ্ভুক্তিৰ বাবে ছয়টা সেৱাৰ ক্ষেত্ৰ ঘোষণা কৰা হৈছে

নেচনেল ইনষ্টিটিউট অব্ অপেন স্কুলিঙে দশম উত্তীৰ্ণ অগ্নিবীৰৰ বাবে অনুকূলিত পাঠ্যক্ৰম আৰম্ভ কৰিব আৰু তেওঁলোকক দ্বাদশ উত্তীৰ্ণ প্ৰমাণ পত্ৰ লাভ কৰাত সহায় কৰিব

শিক্ষা মন্ত্ৰালয়ে অগ্নিবীৰৰ দ্বাৰা লাভকৰা সেৱা প্ৰশিক্ষণক স্নাতকৰ বাবে ক্ৰেডিট হিচাপে স্বীকৃতি দিব

অগ্নিবীৰসকলৰ বাবে ইগনোৰ দ্বাৰা অনুকূলিত ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়োৱা হ’ব যাতে তেওঁলোকে অসামৰিক কেৰিয়াৰ গঢ়ি তুলিব পাৰে

অগ্নিবীৰসকলে কৰ্মৰত অৱস্থাত স্কিল ইণ্ডিয়াৰ প্ৰমাণপত্ৰ লাভ কৰিব যাৰ দ্বাৰা তেওঁলোকৰ বাবে উদ্যোগ আৰু অসামৰিক চাকৰিত সুযোগ লাভ কৰাত সহায়ক হ’ব

ৰাজহুৱা খণ্ডৰ বেংক, বীমা কোম্পানী আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে উপযুক্ত ঋণৰ জৰিয়তে অগ্নিবীৰসকলক সমৰ্থন প্ৰদানকৰিব

অগ্নিপথ আঁচনিক স্বাগতম জনাইছেকৰ্প’ৰেট হাউচসমূহে, অগ্নিবীৰসকলক তেওঁলোকৰ সেৱা সম্পূৰ্ণ কৰাৰ পিছত নিযুক্তি দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে

ভাৰত চৰকাৰে বিগত কেইদিনমানত অগ্নিপথ নিযুক্তি আঁচনিক লৈ সৃষ্টি হোৱা আশংকা দূৰ কৰিবলৈ তথা অগ্নিবীৰসকলক সমৰ্থন নিশ্চিত কৰিবলৈ কেইবাটাও লাভজনক আৰু সমৰ্থনমূলক ব্যৱস্থা ঘোষণা কৰিছে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়আৰু কেইবাখনো ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে অগ্নিবীৰসকলক ৪ বছৰ সশস্ত্ৰ বাহিনীৰ সেৱা আগবঢ়োৱাৰ পিছত আৰক্ষী বাহিনীত খালী পদ পূৰণত অগ্ৰাধিকাৰ দিয়া হ’ব। আন কেইবাটাও বিভাগেও অগ্নিবীৰসকলৰ সামৰ্থ্য বৃদ্ধিৰ বাবে অগ্নিপথ আঁচনিক সমৰ্থন প্ৰদান কৰিছে আৰু তেওঁলোকৰ বাবে এক উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰিছে। লগতে তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ সৈতে অগ্নিবীৰসকল হ’ব এক সু-প্ৰশিক্ষিত আৰু উচ্চ শৃংখলাবদ্ধ যুৱ শক্তি যাক ৰাষ্ট্ৰ নিৰ্মাণত ব্যৱহাৰ কৰিব পৰাহ’ব আৰু সমাজৰ বাবে এক সম্পদ হিচাপে বিবেচিতহ’ব।

উপকূলৰক্ষী বাহিনী আৰু প্ৰতিৰক্ষা পিএচইউৰ পদত সংৰক্ষণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অগ্নিবীৰসকলৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ত চাকৰিৰ খালী পদৰ ১০% সংৰক্ষণৰ অনুমোদন জনাইছে। ১০% সংৰক্ষণ ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু প্ৰতিৰক্ষা চকী, আৰু সকলো ১৬টা প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত (এইচএএল, বিইএল, বিইএমএল, বিডিএল, জিআৰএছই, জিএছএল, এইচএছএল, এমডিএল, মিধানি, এভিএনএল, এডব্লিউইআইএল, এমআইএল, ৱাইআইএল, আইঅএল, টিচিএল)ত কাৰ্যকৰী কৰা হ’ব। এই ব্যৱস্থাবোৰ কাৰ্যকৰী কৰিবলৈ নিয়মবোৰত প্ৰয়োজনীয় সংশোধন কৰা হ’ব। প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ নিযুক্তিনিয়মত একে ধৰণৰ সংশোধন কৰিবলৈ পৰামৰ্শ দিয়া হ’ব। ওপৰোক্ত পদসমূহত অগ্নিবীৰৰ নিযুক্তি সক্ষম কৰাৰ বাবে প্ৰয়োজনীয় বয়স শিথিলকৰণৰ ব্যৱস্থাও কৰা হ’ব।

প্ৰথম বছৰৰ নিযুক্তিৰ বাবে বয়সৰ ৰেহাই

চৰকাৰে এই বুলি ঘোষণা কৰিছে যে ২০২২ চনৰ নিযুক্তি চক্ৰৰ বাবে অগ্নিবীৰৰ নিযুক্তিৰ বয়সৰ ঊৰ্ধসীমা ২১ বছৰৰ পৰা ২৩ বছৰলৈ বৃদ্ধি কৰা হৈছে। শেষৰ দুবছৰত নিযুক্তি সম্ভৱ নহয় বুলি বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হৈছিল। এক বিবৃতিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে সামৰিক পৰিক্ৰমা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সেৱা বিভাগে অতি সোনকালে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

চিএপিএফ-ত নিযুক্তি

গৃহ মন্ত্ৰালয়ে অগ্নিবীৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) আৰু অসম ৰাইফলছত নিযুক্তিৰ বাবে ১০ শতাংশ খালী পদ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে ইয়াৰ জৰিয়তে অগ্নিবীৰসকলক চিএপিএফ আৰু অসম ৰাইফলছত নিযুক্তিৰ বাবে নিৰ্ধাৰিত উচ্চ বয়সৰ সীমাৰ ঊৰ্ধত তিনি বছৰৰ বয়সৰ ৰেহাই প্ৰদান কৰিব। অগ্নিবীৰৰ প্ৰথম দলৰ বাবে ৫ বছৰ বয়সৰ ৰেহাই প্ৰদান কৰা হ’ব, গৃহমন্ত্ৰালয়ে আজি কেইবালানিও টুইট যোগেএই কথা ঘোষণা কৰিছে।

মাৰ্চেণ্ট নেভীত নিযুক্তি

ভাৰতীয় নৌসেনাৰ সৈতে বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত জাহাজ পৰিবহণ সঞ্চালকালয়ে অগ্নিবীৰসকলক মাৰ্চেণ্ট নেভীত সুচাৰুৰূপে অন্তৰ্ভুক্ত কৰাৰ বাবে এক ব্যৱস্থা ঘোষণা কৰিছে।

ইয়াৰ অধীনত, এমঅ’পিএছডব্লিউ-য়ে ভাৰতীয় নৌসেনাৰ সৈতে অগ্নিবীৰৰ কাৰ্যকালৰ পিছত মাৰ্চেণ্ট নেভীৰ বিভিন্ন ভূমিকাত তেওঁলোকৰ মসৃণ স্থানান্তৰৰ বাবে ছয়টা আকৰ্ষণীয় সেৱা ক্ষেত্ৰ ঘোষণা কৰে। ইয়াৰ জৰিয়তে অগ্নিবীৰসকলে প্ৰয়োজনীয় প্ৰশিক্ষণ লাভ কৰিব পাৰিব, সমৃদ্ধ নৌ-অভিজ্ঞতা আৰু পেছাদাৰী প্ৰমাণপত্ৰৰ সৈতে সমগ্ৰ বিশ্বতে লাভজনক ব্যৱসায়িক নৌবাহিনীত যোগদান কৰিব পাৰিব। আজি মুম্বাইৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ জাহাজ পৰিবহণ সঞ্চালকালয়ে এই ব্যৱস্থাসমূহ ঘোষণা কৰে।

অগ্নিবীৰৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপবোৰৰ ভিতৰত আছে ভাৰতীয় নৌসেনাৰ ৰেটিঙৰ পৰা মাৰ্চেণ্ট নেভীত স্বীকৃতপ্ৰাপ্ত ৰেটিঙলৈ পৰিৱৰ্তন, ভাৰতীয় নৌসেনাৰ বৈদ্যুতিক ৰেটিঙৰ পৰা মাৰ্চেণ্ট নেভীতস্বীকৃতপ্ৰাপ্ত বৈদ্যুতিক কাৰিকৰী ৰেটিঙলৈ পৰিৱৰ্তন, ভাৰতীয় নৌসেনাৰ ৰেটিঙৰ পৰা মাৰ্চেণ্ট নেভীত স্বীকৃতিপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ এনচিভি চিঅ’চি হ’ল্ডাৰলৈ পৰিৱৰ্তন, ভাৰতীয় নৌসেনাৰ বৈদ্যুতিক ৰেটিঙৰ পৰা মাৰ্চেণ্ট নেভীৰ স্বীকৃতিপ্ৰাপ্ত বৈদ্যুতিক কাৰিকৰী বিষয়ালৈ ৰূপান্তৰ আৰু ভাৰতীয় নৌসেনাৰ কুকৰ পৰা স্বীকৃতিপ্ৰাপ্ত নৌসেনালৈ পৰিৱৰ্তন। এমঅ’এছপিডব্লিউ-য়ে সেই অগ্নিবীৰসকলৰ বাবে আইএনডিঅ’এছ আৰু চিডিচি জাৰী কৰিব যিসকলে ভাৰতীয় নৌসেনাৰ জৰিয়তে যিকোনো উক্ত পদক্ষেপত অন্বেষণ কৰিব বিচাৰে। কিছুমান মেকানিকেল বা ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্লোমা বা ইলেক্ট্ৰনিক বা বৈদ্যুতিক শাখাত আইটিআই বাণিজ্য প্ৰমাণপত্ৰৰ সৈতে অগ্নিবীৰসকলৰ বাবে কিছুমান পৰিমাপ প্ৰস্তুত কৰা হৈছে – হয় এই অৰ্হতাবোৰৰ সৈতে যোগদান কৰা অথবা ভাৰতীয় নৌসেনাত যোগদানৰ সৈতে তেওঁলোকৰ কাৰ্যকালত এইবোৰ অধিগ্ৰহণ কৰা।

এনআইঅ’এছ-য়ে দশম উত্তীৰ্ণ অগ্নিবীৰৰ বাবে দ্বাদশ উত্তীৰ্ণ প্ৰমাণপত্ৰৰ সুবিধা প্ৰদান কৰিব

বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে ইয়াৰ স্বায়ত্তশাসিত প্ৰতিষ্ঠান নেচনেল ইনষ্টিটিউট অব্ অপেন স্কুলিঙৰ জৰিয়তে ঘোষণা কৰিছে যে ই প্ৰতিৰক্ষা কৰ্তৃপক্ষৰ সৈতে আলোচনা মৰ্মে এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিব যাতে দশম শ্ৰেণীৰ উত্তীৰ্ণ অগ্নিবীৰসকলে তেওঁলোকৰ শিক্ষা আগুৱাইনিব পাৰে আৰু অনুকূলিত পাঠ্যক্ৰম বিকশিত কৰি দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ প্ৰমাণপত্ৰ লাভ কৰিব পাৰে যিবোৰ কেৱল বৰ্তমানৰ বাবেই নহয় বৰঞ্চ তেওঁলোকৰ সেৱাৰ ক্ষেত্ৰৰ বাবেও অতি প্ৰাসংগিক হ’ব। এই প্ৰমাণপত্ৰখন সমগ্ৰ দেশত নিযুক্তি আৰু উচ্চ শিক্ষা দুয়োটা ক্ষেত্ৰৰ বাবে স্বীকৃত হ’ব। ই অগ্নিবীৰসকলক জীৱনৰ পিছৰ সময়ত সমাজত উৎপাদনশীল ভূমিকা লোৱাৰ বাবে পৰ্যাপ্ত শিক্ষাগত অৰ্হতা আৰু দক্ষতা লাভ কৰিবলৈ সুবিধা প্ৰদান কৰিব। এনআইঅ’এছ-ৰ এই বিশেষ কাৰ্যসূচীয়ে নামভৰ্তি, পাঠ্যক্ৰমৰ বিকাশ, শিক্ষাৰ্থীৰ সমৰ্থন, স্ব-শিক্ষণ সামগ্ৰীৰ ব্যৱস্থা, অধ্যয়ন কেন্দ্ৰৰ স্বীকৃতি, ব্যক্তিগত যোগাযোগ কাৰ্যসূচী, মূল্যাংকন আৰু প্ৰমাণপত্ৰলাভসহজ কৰিতুলিব। এনআইঅ’এছ-ৰ মুকলি স্কুলীয়া প্ৰণালী যিকোনো স্থানৰ পৰা অত্যন্ত ব্যৱহাৰ অনুকূল আৰু সকলোৰে বাবে উপলব্ধ, যিকোনো সময়তে অগ্নিপথ আঁচনিৰ অধীনত সকলো অগ্নিবীৰৰ বাবে ইয়াৰ দুৱাৰ মুকলি থাকিব।

শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ডিগ্ৰী কাৰ্যসূচী

অগ্নিবীৰসকলৰ ভৱিষ্যতৰ কেৰিয়াৰৰ সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে আৰু তেওঁলোকক অসামৰিক খণ্ডত বিভিন্ন চাকৰিৰ ভূমিকাৰ বাবে সজ্জিত কৰাৰ উদ্দেশ্যশিক্ষা মন্ত্ৰালয়ে প্ৰতিৰক্ষা কৰ্মচাৰীসকলক সেৱা আগবঢ়োৱাৰ এক বিশেষ, তিনি বছৰীয়া দক্ষতা আধাৰিত স্নাতক ডিগ্ৰী কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে যি প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহত তেওঁলোকৰ কাৰ্যকালত তেওঁলোকে লাভ কৰা দক্ষতা প্ৰশিক্ষণক স্বীকৃতি দিব।

ইগনোৰ দ্বাৰা ডিজাইন কৰা আৰু তেওঁলোকৰ দ্বাৰা সম্পাদন কৰা এই কাৰ্যসূচীৰ অধীনত, স্নাতক ডিগ্ৰীৰ বাবে প্ৰয়োজনীয় ক্ৰেডিটৰ ৫০% অগ্নিবীৰে লাভকৰা দক্ষতা প্ৰশিক্ষণৰ পৰা আহিব – কাৰিকৰী আৰু অ-কাৰিকৰী দুয়োটাআৰু বাকী ৫০% পাঠ্যক্ৰমৰ এটা শাখাৰ পৰা আহিব য’ত বিভিন্ন ধৰণৰ বিষয় যেনে ভাষা, অৰ্থনীতি, ইতিহাস, ৰাজনীতি বিজ্ঞান, ৰাজহুৱা প্ৰশাসন, সমাজবিজ্ঞান, গণিত, শিক্ষা, বাণিজ্য, পৰ্যটন, বৃত্তিমূলক অধ্যয়ন, কৃষি আৰু জ্যোতিষ, লগতে ইংৰাজীত পৰিৱেশ অধ্যয়ন আৰু যোগাযোগ দক্ষতাৰ ওপৰত সামৰ্থ্য বৃদ্ধি পাঠ্যক্ৰমক সামৰিলোৱাহ’ব।

এই কাৰ্যসূচীটো ইউজিচিৰ নিয়মাৱলীৰ সৈতে আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ অধীনত নিৰ্দেশিত ৰাষ্ট্ৰীয় ক্ৰেডিট পৰিকাঠামো / ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা পৰিকাঠামো (এনএছকিউএফ)ৰ সৈতে সংযোজিত। ইয়াত একাধিক প্ৰস্থান পইণ্টৰ ব্যৱস্থা আছে – প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ হোৱাৰ ওপৰত স্নাতক প্ৰমাণপত্ৰ, প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰাৰ ওপৰত স্নাতক ডিপ্লোমা, আৰু তিনি বছৰৰ সময়সীমাত সকলো পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ ডিগ্ৰী।

কাৰ্যসূচীটোৰ পৰিকাঠামোটো সংশ্লিষ্ট নিয়ামক সংস্থা – অল ইণ্ডিয়া কাউঞ্চিল ফৰ টেকনিকেল এডুকেচন (এআইচিটিই) আৰু নেচনেল কাউঞ্চিল ফৰ ভকেচনেল এডুকেচন আৰু ট্ৰেইনিং (এনচিভিইটি) আৰু ইউজিচিৰ দ্বাৰা যথাযথ ভাৱে স্বীকৃত প্ৰদান কৰা হৈছে। ইউজিচি নামকৰণ (বিএ; বি. কম; বিএ (বৃত্তিমূলক); বিএ (পৰ্যটন ব্যৱস্থাপনা)) অনুসৰি ইগনোৰ দ্বাৰা ডিগ্ৰী প্ৰদান কৰা হ’ব, আৰু নিযুক্তি আৰু শিক্ষাৰ বাবে ভাৰত তথা বিদেশত স্বীকৃত হ’ব।

উদ্যমিতাআৰু চাকৰিৰ বাবে দক্ষতা বিকাশ

স্কিল ইণ্ডিয়া আৰু দক্ষতা বিকাশ তথা উদ্যোগ মন্ত্ৰালয়ে শিক্ষাৰ্থীসকলক অসামৰিক চাকৰিৰ বাবে অধিক উপযুক্ত কৰি তুলিবলৈ অতিৰিক্ত দক্ষতাৰে প্ৰশিক্ষণ দিয়াৰ বাবে সশস্ত্ৰবাহিনীৰ বিভিন্ন শাখাৰ সৈতে সহযোগিতামূলকভাৱে কাম কৰিব। অগ্নিবীৰসকলে কৰ্মৰত অৱস্থাত থাকোঁতে স্কিল ইণ্ডিয়াৰ প্ৰমাণপত্ৰ লাভ কৰিবযি তেওঁলোকক তেওঁলোকৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ অৰ্থনীতিত সৃষ্টি হোৱা উদ্যোগআৰু চাকৰিত বিভিন্ন বৈচিত্ৰ্যপূৰ্ণ সুযোগ অনুসৰণ কৰিবলৈ সক্ষম কৰ তুলিব।

স্কিল ইণ্ডিয়াৰ সকলো সংগঠন – প্ৰশিক্ষণ সঞ্চালকালয় (ডিজিটি), ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি), বিভিন্ন খণ্ড দক্ষতা পৰিষদ, উদ্যোগী প্ৰতিষ্ঠান এনআইইএছবিইউডি আৰু আইআইই, লগতে দক্ষতা নিয়ন্ত্ৰক এনচিভিইটি, এই অনুশীলনৰ সৈতে সংযুক্ত কৰা হ’ব যাতে অগ্নিবীৰসকলে চাকৰিত থাকোঁতে তেওঁলোকৰ চাকৰিৰ ভূমিকাৰ সৈতে সম্পৰ্কিত প্ৰয়োজনীয় দক্ষতাৰ প্ৰমাণপত্ৰ লাভ কৰে। চাকৰিত থাকোতে শিকা কিছুমান দক্ষতাৰ এনএছকিউএফ পাঠ্যক্ৰমৰ সৈতে পোনপটীয়া সমতুল্যতা থাকিব পাৰে। এই বিৱৰণবোৰ, লগতে সশস্ত্ৰবাহিনীৰ প্ৰশিক্ষকসকলৰ বাবে যিকোনো প্ৰশিক্ষণ, আৰু প্ৰশিক্ষণ মূল্যাংকনকাৰী সকলৰ বাবে, বিশেষকৈ বাহিনীৰ পৰা, মূল্যাংকন আৰু প্ৰমাণিত কৰাৰ বাবে – এই সকলোবোৰ দিশ নিৰ্ধাৰণ কৰা হৈছে। প্ৰস্থানৰ সময়ত, সমগ্ৰ দক্ষতা পৰিস্থিতিতন্ত্ৰ এই যুৱ অগ্নিবীৰসকলৰ বাবে মুকলি থাকিব যি তেওঁলোকৰ বাবে উপলব্ধ কেইবাটাও আপস্কিলিং/মাল্টি-স্কিলিং প্ৰশিক্ষণ আৰু উদ্যোগী পাঠ্যক্ৰমৰ পৰা লাভদায়ক বিবেচিত হ’ব।

অগ্নিবীৰৰ বাবে ক্ৰেডিট সুবিধা

বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে অগ্নিবীৰসকলক তেওঁলোকৰ কৰ্তব্যৰ ম্যাদ সম্পূৰ্ণ কৰাৰ পিছত কেনেদৰে সমৰ্থন কৰিব পাৰে সেয়া চিনাক্ত কৰাৰ বাবেবিত্তীয় সেৱা বিভাগৰ সচিবে ৰাজহুৱা খণ্ডৰ বেংক (পিএছবি), ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী (পিএছআইচি) আৰু বিত্তীয় প্ৰতিষ্ঠান (এফআই)ৰ মুখ্য কাৰ্যবাহীসকলৰ সৈতে এখন বৈঠকত সন্মিলিতহয়।  বৈঠকত সিদ্ধান্ত লোৱা হয় যে পিএছবি, পিএছআইচি আৰু এফআইয়ে উপযুক্ত সুবিধা/শিথিলতা আদিৰ জৰিয়তে অগ্নিবীৰসকলৰ শিক্ষাগত অৰ্হতা আৰু দক্ষতাৰ ওপৰত আধাৰিত কৰি উপযুক্ত সামৰ্থ্যত নিযুক্তিৰ সুযোগ অন্বেষণ কৰিব।

লগতেএইবুলিও সিদ্ধান্ত লোৱা হৈছে যে বেংকবোৰে দক্ষতা উন্নীতকৰণৰ বাবে উপযুক্ত ঋণ সুবিধা, ব্যৱসায় স্থাপনৰ বাবে শিক্ষা আৰু স্ব-নিযুক্তি গ্ৰহণৰ জৰিয়তে অগ্নিবীৰসকলক সমৰ্থন কৰাৰ সম্ভাৱনা অন্বেষণ কৰিব। অগ্নিবীৰসকলক এনে ধৰণৰ সমৰ্থন আগবঢ়োৱাৰ বাবে বিদ্যমান চৰকাৰী আঁচনি যেনে মুদ্ৰা, ষ্টেণ্ড আপ ইণ্ডিয়া আদিৰ সুবিধা লোৱা হ’ব।

ৰাজ্যিক আৰক্ষী বাহিনীত অগ্ৰাধিকাৰমূলক নিযুক্তি

বিভিন্ন ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে অগ্নিবীৰসকলে ৪ বছৰ সশস্ত্ৰবাহিনীৰ সেৱা আগবঢ়োৱাৰ পিছত ৰাজ্যিক আৰক্ষী বাহিনীত খালী পদ পূৰণততেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ’ব। সশস্ত্ৰবাহিনীৰ দ্বাৰা অগ্নিবীৰসকলক প্ৰদান কৰা প্ৰশিক্ষণ আৰু অনুশাসনৰ দ্বাৰা ৰাজ্যিক আৰক্ষী বাহিনী যথেষ্ট লাভান্বিত হ’ব আৰু বিদ্ৰোহ, নক্সালবাদ আৰু প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাত তেওঁলোকৰ সামৰ্থ্য যথেষ্ট বৃদ্ধি পাব।

অগ্নিবীৰৰ প্ৰশিক্ষণ আৰু দক্ষতা ব্যৱহাৰ কৰিব কৰ্প’ৰেট খণ্ডই

কেইবাটাও কৰ্প’ৰেট গৃহ আৰু উদ্যোগ সংস্থাই সশস্ত্ৰবাহিনীৰ বাবে নতুন আৰু পৰিৱৰ্তনশীল নিযুক্তি প্ৰক্ৰিয়াক আদৰণি জনাইছে। সশস্ত্ৰবাহিনীৰ সেৱা সমাপ্ত কৰা সুপ্ৰশিক্ষিত, শৃংখলাবদ্ধ তথা প্ৰযুক্তিগতভাৱে জ্ঞানী যুৱক-যুৱতীসকল তেওঁলোকৰ সংগঠনৰ বাবে মূল্যৱান সম্পদ হ’ব, তেওঁলোকে এই বুলি কয়।

Previous Post

উচ্চতম ন্যায়ালয়ৰ ৰায়-CBSEৰ নিৰ্দেশনাৰ ভিত্তিত মহানগৰীৰ স্কুলবাছৰ সুৰক্ষা পৰ্যবেক্ষণ পৰিবহণ বিভাগৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বানত উটি যোৱা আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ উদ্ধাৰ

বানত উটি যোৱা আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8