বিজেপি আৰু শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলৰ সমৰ্থনত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ল একনাথ সিন্দে। কিন্তু একনাথ সিন্দেৰ চৰকাৰ ছমাহৰ বেছি নিটিকে বুলি মন্তব্য কৰিছে NCP প্ৰধান শাৰদ পাৱাৰে। দলৰ বিধায়কসকলক তেওঁৰ পৰামৰ্শ, ছয় মাহৰ ভিতৰত মহাৰাষ্ট্ৰত পুনৰ নিৰ্বাচন হ’ব পাৰে।
উল্লেখ্য যে, উদ্ধব থাকৰে চৰকাৰৰ অন্যতম সহযোগী আছিল শাৰদ পাৱাৰৰ NCP। মহাৰাষ্ট্ৰত থাকৰে চৰকাৰৰ পতনৰ পিছত দলৰ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হয় এনচিপি প্ৰধানগৰাকী। NCPৰ এগৰাকী বিধায়কে জনাইছে, একনাথ সিন্দে চৰকাৰ খুব বেছি দিন নিটিকে বুলি দাবী কৰে পাৱাৰে।
শাৰদ পাৱাৰে দাবী কৰে যে, কিছুদিনৰ ভিতৰতে শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকল উদ্ধৱ থাকৰেৰ শিবিৰলৈ উভতিবলৈ আৰম্ভ কৰিব। ফলত সংখ্যালঘু হৈ পৰিব সিন্দে চৰকাৰ। এই পৰিস্থিতিত মহাৰাষ্ট্ৰত নতুনকৈ নিৰ্বাচনৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলিয়ে ধাৰণা কৰিছে প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে।