১৮ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। আনহাতে সংসদ অধিৱেশনৰ প্ৰথম দিনটো অৰ্থাৎ ১৮ জুলাইতে অনুষ্ঠিত হ’ব দেশৰ ৰাষ্ট্ৰপতিৰো নিৰ্বাচন আৰু ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন।
উল্লেখ্য যে, ১৮ জুলাইৰ পৰা ১২ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনতে চৰকাৰে লোকসভাত চৰ্চা তথা গৃহীত কৰিব লগীয়া ২০ খনতকৈ অধিক বিধেয়ক উত্থাপন কৰিব। এই বিধেয়কত আছে বন সংৰক্ষণ সংশোধন বিধেয়ক, শক্তি সংৰক্ষণ সংশোধন বিঝায়ক, পাৰিবাৰিক আদালত সংশোধনী বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক। লোকসভাৰ সচিবালয়ে জাৰি কৰা বুলেটিন অনুসৰি অধিবেশনৰ সময়ত ২৪ খন নতুন বিধেয়কৰ উপৰিও চাৰিখন এনেধৰণৰ বিধেয়ক উত্থাপন কৰিব যাৰ ওপৰত চৰকাৰৰ স্থায়ী সমিতিয়ে চিন্তা চৰ্চা কৰিব।