এনকাউণ্টাৰ ঘটনাত দেশৰ ভিতৰত অসমে তৃতীয় স্থান দখল কৰাৰ সময়তে সমগ্ৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সংসদৰ মজিয়াত যোৱা ৫টা বছৰত অসমত আৰক্ষীৰ গুলীত ৫০জন লোকৰ মৃত্যু হোৱাৰ ঘটনা সদৰী কৰিছে। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ে অধিবক্তা আৰিফ জোৱাদ্দাৰে দাখিল কৰা এখন জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰৰ পৰা বিচাৰিছিল এনকাউণ্টাৰ সম্বন্ধীয় শপতনামা। যোৱা ৭ ফেব্ৰুৱাৰীত গৃহ আৰু ৰাজনৈতিক বিভাগে দাখিল কৰে শপতনামা। বৃহস্পতিবাৰে এই শপতনামাৰ ভিত্তিত আবেদনকাৰীৰ প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী শুনানি ২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।
অসম চৰকাৰে দাখিল কৰা শপতনামাত এই এনকাউণ্টাৰ সমূহ ৰূপায়ণ কৰোতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে জাৰি কৰা সকলো নিয়মাৱলী মানি লোৱা হৈছে বুলি উল্লেখ কৰা হৈছে। কেৱল মানৱ অধিকাৰ আয়োগৰ নিয়মেই নহয়; আন কোনো আইনো চৰকাৰে ভংগ কৰা নাই বুলিও উল্লেখ কৰা হৈছে শপতনামাত। লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পিছৰ পৰা যোৱা ৮ মাহত পুলিচৰ এনকাউণ্টাৰত সর্বমুঠ ২৮ লোকৰ মৃত্যু আৰু ৭৩ জন লোক আঘাতপ্ৰাপ্ত হৈছে বুলিও অসম চৰকাৰে অৱগত কৰিছে ন্যায়ালয়ক। ইয়াৰে সৰ্বাধিক ১০টা এনকাউণ্টাৰ কাৰ্বি আংলঙত সংঘটিত হৈছে।