ৰাজ্যত বৃদ্ধি পাইছে সুৰাপায়ী লোকৰ সংখ্যা। যোৱা বুধবাৰে বিধানসভাৰ মজিয়াত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দাখিল কৰা তথ্যত প্ৰকাশ পোৱা তথ্য অনুসৰি, শেহতীয়া ৫ বছৰত চৰকাৰে সুৰাৰ পৰা ৰাজহ সংগ্ৰহ কৰিছে ১৬ হাজাৰ ৪২৮ কোটি।
ইয়াৰে ২০১৯-২০চনত ২,৬০৬কোটি। ২০২০-২১চনত ২৯৭৭ কোটি। ২০২১-২২চনত ৩০৪৭ কোটি। ২০২২-২৩ চনত ৩,৯৮০ কোটি। ২০২৩-২৪চনৰ জানুৱাৰীলৈ ৩,৮১৬ কোটি টকা ৰাজ্যত সংগ্ৰহ হৈছে।
ছয়গাও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লিখিত প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীগৰাকীয়ে এই তথ্য ৰাজহুৱা কৰিছে। বৰ্তমান অসমত ৩হাজাৰ ৩০০খন সুৰাৰ বিপনী আছে বুলিও তথ্য
বিধানসভাৰ বাজেট অধিবেশনত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিছে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ইয়াৰ উপৰি ৰাজ্যত এতিয়ালৈ মুঠ সুৰাৰ দোকান আছে ৩,৩০৩খন। ইয়াৰে বাৰ আছে ৯২৩খন, বিলাতী সুৰাৰ দোকান আছে ১৭০৭খন আৰু ৩৭৩খন আছে দেশীয় সুৰাৰ দোকান।