অগ্নিপথ আঁচনিক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা প্ৰতিবাদৰ মাজতে বায়ু সেনাৰ বাবে অগ্নিবীৰৰ পঞ্জীয়ন আজিৰ পৰা আৰম্ভ হ’ব৷ ভাৰতীয় বায়ু সেনাৰ (IAF) বাবে নতুন সামৰিক অগ্নিপথ আঁচনিৰ নিযুক্তি ‘অগ্নিবীৰ’ৰ প্ৰথমটো বৰ্ষৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ’ব আৰু ঠিক এমাহ পাছতেই (২৪ জুলাই) অনলাইন পৰীক্ষা অনুষ্ঠিত হ’ব।
এয়াৰ মাৰ্শ্বেল এছ কে ঝাই ১৯ জুনত অনুষ্ঠিত ত্ৰি-সেৱাৰ যুটীয়া সংবাদমেলত কৈছিল, অগ্নিবীৰৰ প্ৰথমটো বৰ্ষৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ২৪ জুনৰ পৰা আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ৰ অনলাইন পৰীক্ষা প্ৰক্ৰিয়া ২৪ জুলাইত আৰম্ভ হ’ব। প্ৰথম দলটোক ডিচেম্বৰৰ ভিতৰত নামভৰ্তি কৰা হ’ব আৰু ৩০ ডিচেম্বৰৰ ভিতৰত প্ৰশিক্ষণ আৰম্ভ হ’ব৷
IAFত নামভৰ্তি হোৱাৰ পাছত অগ্নিবীৰসকল চাৰি বছৰৰ বাবে বায়ু সেনা আইনৰ অধীনত পৰিচালিত হ’ব। আনহাতে, IAFৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে দেশৰ সকলো প্ৰান্তৰ পৰা অগ্নিবীৰ হিচাপে প্ৰাৰ্থীসকলক সমসাময়িক প্ৰযুক্তি, বিশেষ ৰেলী আৰু স্বীকৃত কাৰিকৰী প্ৰতিষ্ঠান যেনে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, NSQF আদিত চৌহদৰ সাক্ষাৎকাৰ ব্যৱহাৰ কৰি নামভৰ্তি কৰোৱাৰ প্ৰয়াস কৰা হ’ব৷ যোগ্যতাৰ চৰ্ত, পৰীক্ষা মাচুল, চৰ্তাৱলী আৰু নিয়মাৱলী, বয়সৰ সীমা, চিকিৎসাৰ মান, দৰমহা, বীমা আৰু পৰ্যায় ১ আৰু পৰ্যায় ২ বাচনি প্ৰক্ৰিয়াসহ বিত্তীয় লাভালাভ বোৰৰ বিষয়ে বায়ু সেনাই শেহতীয়াকৈ এক বিতং অধিসূচনা প্ৰকাশ কৰিছে।
নৌসেনাৰ বাবে, নিৰ্দিষ্ট নিযুক্তি নিৰ্দেশনা ২৫ জুনৰ ভিতৰত জাৰি কৰা হ’ব, ভাইচ এডমিৰেল দীনেশ ত্ৰিপাঠীয়ে ১৯ জুনত কৈছিল। ২১ নৱেম্বৰৰ পৰা প্ৰথম নৌসেনাৰ ‘অগ্নিবীৰ’সকলে উৰিষ্যাৰ চিলকাৰ ঘাটিত প্ৰশিক্ষণ আৰম্ভ কৰিব আৰু মহিলা আৰু পুৰুষ ‘অগ্নিবীৰ’ দুয়োকে নিয়োগ কৰা হ’ব লগতে মহিলা ‘অগ্নিবীৰ’সকলকো যুদ্ধজাহাজত নিয়োজিত কৰিব পাৰিব বুলি ভাইচ এডমিৰেল দীনেশ ত্ৰিপাঠীয়ে জনায়।