জনতা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। শনিবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্যৰ উন্নয়নৰ দিশত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে। কেবিনেট বৈঠকত লোৱা কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হৈছে-
- ৰাজ্য চৰকাৰে বিদ্যুৎ সংযোগৰ নামত ব্যয় কৰিব ৯৫৫ কোটি টকা।
- বিদ্যুৎ সংযোগ নথকা গৃহলৈ বিদ্যুৎ সংযোগ কৰাৰ সিদ্ধান্ত চৰকাৰৰ।
- ১৩ মাৰ্চত জাগীৰোডত হ’ব লগা ছেমিকণ্ডাক্টৰ প্রকল্পৰ শিলান্যাস।
- ভাৰ্চুৱেলী প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে কৰিব এই শিলান্যাস।
- কিৰণচেক সম্প্রদায়ৰ বাবে উন্নয়ন পৰিষদ গঠন কৰাত অনুমোদন।
- কৰিমগঞ্জ মেডিকেল কলেজৰ বাবে ৬৭৪.৮১ কোটি টকাৰ অনুমোদন।
- ৰংঘৰৰ সৌন্দৰ্য প্রকল্পৰ বাবে ১৩১.৭১ কোটি টকাৰ অনুমোদন।
- আমিনগাঁও মুকলি ষ্টেডিয়ামৰ বাবে ৩৮০.৬৬ কোটি টকাৰ অনুমোদন জনোৱা হয়।